চৌদিশে ওলাইছে মৃতদেহ

dainik janambhumi July 22, 2026

ডিজিটেল ডেস্ক : অভূতপূর্ব, অতি ভয়াৱহ বানে শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাত কেনেধৰণৰ ধ্বংসলীলা চলালে তাৰ লোমহর্ষক ছবি পোহৰলৈ আহিবলৈ ধৰিছে। কালিৰ দিনটোত তিনিওখন জিলাৰ বিভিন্ন স্থানৰ পৰা ১৭টাকৈ মৃতদেহ উদ্ধাৰ হৈছে। খবৰ আহিছে বহু লোক সন্ধানহীন হোৱাৰ। নাজিৰাতে কালিৰ দিনটোত উদ্ধাৰ হয় ৫টাকৈ মৃতদেহ। নাজিৰাৰ অভয়পুৰীয়া গাঁৱৰ পৰা সন্ধানহীন হোৱা মাতৃ, দুই পুত্ৰ আৰু কন্যাৰ ভিতৰৰে মাতৃ আৰু কন্যাৰ মৃতদেহ কালি নিশা হোলোংকাতনিত উদ্ধাৰ হয়। 

আনহাতে এতিয়াও বানত বুৰ গৈ থকা জিলা তিনিখনৰ পৰা অহা দিনবোৰত আৰু বহুজনৰ মৃতদেহ উদ্ধাৰ হ'ব পাৰে বুলি আশংকা কৰা হৈছে। ইফালে উজনি অসমত উদ্ভৱ হোৱা অভাৱনীয় বানপৰিস্থিতি তথা শিহবণকাৰী প্রাকৃতিক দূর্যোগৰ ফলত দিশহাৰা হৈ পৰা বানাক্ৰান্তৰ সীমাহীন দুখ-দুর্গতি আজিও অপৰিবর্তিত হৈয়ে আছে। বিগত ২৪ ঘণ্টাত বৰষুণ নোহোৱাত বান পৰিস্থিতি কিছু উন্নত হৈছে বুলি চৰকাৰীভাৱে ক'ব বিচাৰিলেও প্রকৃততে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট এই তিনিখন জিলাৰ বানদুর্গত গ্রামাঞ্চলৰ অৱস্থা আজিও অধিক উদ্বেগজনক হৈয়ে আছে। 

শেহতীয়াকৈ কালি শিৱসাগৰ জিলাৰ শিমলুগুৰিত বানত উটি যোৱা পিতৃ-মাতৃ, পুত্র-কন্যাসহ একেটা পৰিয়ালৰ ৪জনকৈ দুর্ভগীয়াৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই সাম্প্রতিক অকল্পনীয় বানে কেনে বিভীষিকাময় ৰূপ ল'লে তাকেই প্রতিফলিত কৰি তুলিছে। কালৰূপী বানে একেটা পৰিয়ালৰ ৪জনকৈ সদস্যৰ প্ৰাণ কাঢ়ি নিয়া মর্মান্তিক ঘটনাকে ধৰি এই পর্যন্ত মহাপ্রলয়ৰ ৰূপ লোৱা উজনিৰ তিনি জিলাৰ মৃত্যুৰ সংখ্যা ১০জনলৈ বৃদ্ধি পাইছে। 

ইফালে মথাউৰি ছিঙিলে বুলি খবৰ ওলোৱাৰ লগে লগেই মাথোঁ আধাঘণ্টাৰ ভিতৰতে প্রবল ধলে উটুৱাই নিয়া ঘৰখনৰ পৰা লাম-লাকটু এটাও উলিয়াবলৈ আহৰি নোপোৱাত কোনোমতে ল'ৰা-ছোৱালীকেইটা লৈ ওথ ঠাইৰ সন্ধানত ওলাই অহা শশ পৰিয়ালৰ আপোন ঘৰখন এতিয়া প্রলয়ংকৰী বানত বিধ্বস্ত হৈ পৰিছে। তেনেদৰে আত্মনিৰ্ভৰ হোৱাৰ লক্ষ্যৰে বানবিধ্বস্ত তিনিওখন জিলাৰে কেইবাশ যুৱক-যুৱতীয়ে মৎস্য পালনৰ বাবে ফিচাৰীৰ লগতে ব্ৰয়লাৰ ফাৰ্ম গঢ়ি তোলা, গাহৰি পালন কৰা, হাঁহ পালন কৰা, ব্যৱসায় ভিত্তিত ছাগলী পালনৰ বাবে যিদৰে অশেষ কষ্ট কৰি বিভিন্ন উৎসৰ পৰা ঋণ লৈ সপোন সার্থক কৰাৰ বাটত খোজ দিছিল, এতিয়া শ শ নিবনুৱাৰ সেই সপোন শাওণৰ প্রলয়ংকৰী বানে উটুৱাই নিয়াত স্বাবলম্বনৰ বাবে আগবাঢ়ি অহা এইসকল নিবনুৱাৰ মূৰত সৰগ ভাগি পৰাৰ দৰে হৈছে। 

এনেদৰে এতিয়া শাওণৰ পথাৰ বোকা পলসে পুতি পেলোৱাৰ সময়তে মৎস্য পালন আৰু পশুধনৰ জৰিয়তে নিজে উপকৃত হোৱাৰ লগতে কৃষি অর্থনীতি সবলীকৰণৰ বাবে পণ লোৱা শিক্ষিত নিবনুৱাসকলৰ পৰিকল্পনাও সাম্প্রতিক বানে অভাৱনীয় গতিত বিধ্বস্ত কৰি গ'ল।

Share This