কংগ্ৰেছৰ দলৰ এতিয়া আৰু কোনো ৰাজনৈতিক এজেণ্ডা নাই: দেৱলাল গাৰ্লচা  

Rashmi March 04, 2026

ডিজিটেল ডেস্ক: কংগ্ৰেছ দলৰ এতিয়া আৰু কোনো ৰাজনৈতিক এজেণ্ডা নাই বুলি কংগ্ৰেছ দলক কঠোৰ সমালোচনা কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লচাই। দেৱলালৰ মতে, কংগ্ৰেছ দলৰ অৱস্থা এতিয়া শোচনীয় হৈ পৰিছে। বিধানসভা নিৰ্বাচনৰ পূৰ্বে ডিমা হাছাও জিলাত বহু নেতা-কৰ্মী বিজেপি দলত যোগদান কৰিব বুলি দাবী কৰি তেওঁ কয়, 'এইবাৰ নিৰ্বাচনত হাফলং সমষ্টিত কংগ্ৰেছ বা নেশ্যনেল পিপলছ পাৰ্টি কোনো ফেক্টৰ নহয় বিজেপিৰ কাৰণে।' 

এন পি পি দলে ন-দহ হাজাৰৰ বেছি ভোট নাপায় আৰু কংগ্ৰেছ দলে ৩০ পৰা ৪০ হাজাৰ ভোট পাব। বাকী ভোট বিজেপিৰ ফালে যাব বুলি দাবী কৰি দেৱলাল গাৰ্লচাই কয় যে হাফলং সমষ্টিত যিয়েই বিজেপিৰ প্ৰাৰ্থী হ'ব তেওঁৰ জয় নিশ্চিত বুলিও দাবী কৰে। ইপিনে ১১৩ নম্বৰ হাফলং সমষ্টিত বিজেপিৰ প্ৰাৰ্থী কোন হ'ব পাৰে সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত দেৱলাল গাৰ্লচাই কয় যে বিজেপিৰ প্ৰাৰ্থী কোন হ'ব সেয়া দলীয় নেতৃত্বই সিদ্ধান্ত ল'ব কিন্তু টিকট বিচৰাৰসকলৰ অধিকাৰ আছে বুলি মন্তব্য কৰি কয়, 'বৰ্তমান বিধায়ক তথা ৰাজ্যৰ মন্ত্ৰী নন্দিতা গাৰ্লচাই টিকট বিচাৰিব, বিজেপি শাসিত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ বিজেপি সদস্যই টিকট বিচাৰিব পাৰে, কোনো এন জি অ' ছাত্ৰ সংগঠনৰ পৰাও টিকট বিচাৰিব পাৰে কিন্তু টিকট দিয়াৰ ক্ষেত্ৰত দলীয় নেতৃত্বই চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব আৰু প্ৰাৰ্থিত্ব ঘোষণা কৰিব ৰাজ্যিক বিজেপি সভাপতি আৰু মুখ্যমন্ত্ৰীয়ে।' দেৱলাল গাৰ্লচাই দলীয় নেতৃত্বই যাক প্ৰাৰ্থী দিব আমি সেইজন প্ৰাৰ্থীক জয়ী কৰাৰ বাবে কাম কৰি যাম। 

সাংবাদিকে প্ৰশ্ন কৰিছিল যে তেওঁৰ আশীৰ্বাদ যাৰ মূৰত আছে তেওঁ হাফলং সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হ'ব নেকি? এই প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে এইক্ষেত্ৰত মোৰ কোনো আশীৰ্বাদ নাই মই এজন দলীয় কৰ্মকৰ্তা আৰু দলৰ নিৰ্দেশত কাম কৰি যাম। বিজেপি দল নিয়ম-নীতিৰ ওপৰত চলে মই মুখ্য কাৰ্যবাহী সদস্য থাকি যদি কাম নকৰোঁ তেনেহ'লে মোক কোনেও নামানে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয় যে পূৰ্বে দেখা গৈছে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যসকলে দলীয় হাইকমাণ্ড লগতে মিলি থাকিব লাগে আৰু হাইকমাণ্ডৰ নিৰ্দেশত চলে তেওঁলোক আৰু নিৰ্বাচনৰ সময়ত প্ৰাৰ্থিত্বৰ বাবে টকা দিব লগা হৈছিল সেই সময়ত অভিযোগ উত্থাপন কৰি দেৱলাল গাৰ্লচাই কয় যে বিজেপি দলৰ প্ৰাৰ্থীৰ বাবে টকা দিব নালাগে।




প্ৰাগ নিউজ ডিজিটেল

Share This