দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণী উৎসৱ, গোলাঘাট নগৰ মুখৰ কৰি উলিওৱা বিশাল শোভাযাত্রাই দিলে সমন্বয়ৰ বাৰ্তা

dainik janambhumi February 06, 2026

ডিজিটেল ডেস্ক: ঐতিহ্যমণ্ডিত গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ গৌৰৱময় মহাৰজত জয়ন্তীৰ সামৰণী উৎসৱ তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে উদুলি-মুদুলি পৰিৱেশত কালিৰে পৰা আৰম্ভ হৈছে। এই উপলক্ষে পুৱা গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ খেলপথাৰত গোলাঘাটৰ বিশিষ্ট নাগৰিক, বিভিন্ন দল-সংগঠন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি, শিক্ষক সমাজ, প্রাক্তন ছাত্র আদিৰ দ্বাৰা মহাৰজত জয়ন্তীৰ ৭৫খন পতাকা উত্তোলনৰ গাম্ভীর্যপূর্ণ কার্যসূচী সম্পন্ন হয়। 

উদযাপন সমিতিৰ সম্পাদক তথা দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ (স্বায়ত্ত শাসিত) ডীন ড° দেৱজিৎ ফুকনে পৰিচালনা কৰা পতাকা উত্তোলন কাৰ্যসূচীত মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়ন্ত বাৰুকিয়ালে। উদযাপন সমিতিৰ পতাকা উত্তোলন কৰে উদ্যাপন সমিতি তথা মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড° নৃপেন কুমাৰ বৰুৱাই। ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনী আৰু ছাত্র-ছাত্ৰীৰ অভিবাদন কার্যসূচীয়ে এক অনন্য পৰিৱেশৰ সৃষ্টি কৰে। ইয়াৰ পাছতে বড়ো, কার্বি, উড়িয়া, গোর্খা, ৰাভা, চুতীয়া, মণিপুৰী, নগালেণ্ডৰ নগা কৃষ্টিৰ দল, মিচিং, টাই আহোম, তিৱা আদি জাতীয়-জনগোষ্ঠীয় সাংস্কৃতিক দল, বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানৰ সাংস্কৃতিক দল, মহাবিদ্যালয়ৰ প্রাক্তন শিক্ষক, ছাত্র, বৰ্তমানৰ শিক্ষক-শিক্ষয়িত্ৰী, বিভাগসমূহৰ সাংস্কৃতিক দল আদিৰ বিপুল অংশগ্রহণেৰে উলিওৱা হয় বিশাল সাংস্কৃতিক শোভাযাত্রা। 

১৫ হাজাৰৰো অধিক ৰাইজৰ অংশগ্রহণেৰে উলিওৱা সাংস্কৃতিক শোভাযাত্রাই গোলাঘাট নগৰ পৰিভ্ৰমণেৰে মুখৰিত কৰি ৰাজ্যজুৰি প্ৰেৰণ কৰিবলৈ সক্ষম হয় এক সমন্বয়ৰ বাৰ্তা। বিশাল শোভাযাত্রা উদ্বোধন কৰি দিয়া ভাষণত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, 'অসমৰ জাতীয় জীৱনত গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ বৰঙনি অভূতপূর্ব। মহাবিদ্যালয়খনৰ কথা কৈ অন্ত কৰিব নোৱাৰি। উচ্চ শিক্ষাৰ অনুষ্ঠানটোৰ জাতীয় জীৱনক সমৃদ্ধ কৰাৰ যি পদক্ষেপ, তাৰ বাবে জাতীয় জীৱন মহাবিদ্যালয় পৰিয়ালৰ প্ৰতি সদায় কৃতজ্ঞ হৈ ৰ'ব।' তেওঁ লগতে কয় যে এইখন মহাবিদ্যালয়ৰ পৰা অসমৰ জাতীয় জীৱনে আৰু বহু আশা কৰে। আগন্তুক দিনসমূহতো মহাবিদ্যালয়খনে জাতীয় জীৱনক সমৃদ্ধ কৰিব, জাতীয় জীৱনক শক্তিশালী কৰিব আৰু জাতীয় জীৱনক শক্তিশালীভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত নেতৃত্ব গ্রহণ কৰিব বুলি আশা প্রকাশ কৰে। মহাবিদ্যালয়খনৰ কাষতে মোৰ ওপজা ঠাই বুলি উল্লেখ কৰি এক সুকীয়া অনুভূতি থকাৰ কথাও প্রকাশ কৰে। এই মহাবিদ্যালয় অসমৰ জাতীয় জীৱনৰ আশা, এই মহাবিদ্যালয়খন অসমৰ জাতীয় জীৱনৰ সাহস, উদ্যম আৰু অনুপ্ৰেৰণা বুলি নিজা উপলব্ধি প্রকাশ কৰে ড° সমুজ্জ্বল কুমাৰ ভট্টাচার্যই। 

উদ্বোধনী অনুষ্ঠানত কৃষি মন্ত্রী অতুল বৰা উপস্থিত থাকি আগবঢ়োৱা বক্তব্যত মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্র হিচাপে বহু স্মৃতি জড়িত হৈ থকাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে মহাবিদ্যালয়খনৰ পৰাই অসম আন্দোলনো আৰম্ভ হৈছিল। ছাত্র হিচাপে অসম আন্দোলনতো জড়িত হৈছিলোঁ। মানুহ সৃষ্টি কৰি শৈক্ষিক মুকুতা বিলাই গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ে এক ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হোৱা বুলি প্রকাশ কৰি জড়িতসকলক অভিনন্দন জ্ঞাপন কৰে কৃষি মন্ত্ৰী অতুল বৰাই। 

বিশাল সাংস্কৃতিক শোভাযাত্রাত ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, মন্ত্ৰী অতুল বৰা, গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়ন্ত বাৰুকিয়াল, উদযাপন সমিতিৰ সভাপতি ড° নৃপেন কুমাৰ বৰুৱা, উদ্যাপন সমিতিৰ সম্পাদক ড° দেৱজিৎ ফুকন, সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি অভিৱৰ্তন গোস্বামী, শিক্ষা সম্পাদক টুটুমণি কলিতা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপ-সভাপতি জিতুল ৰাজখোৱা, বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়া আদিয়ে অংশগ্ৰহণ কৰি গোলাঘাট নগৰ পৰিভ্ৰমণ কৰে। 

গোলাঘাটত দেৱৰাজ ৰয় মহাবিদ্যালয় প্রাংগণৰ মহাৰজত জয়ন্তীৰ মূল মঞ্চত জাতীয়-জনগোষ্ঠীয় দলসমূহৰ বৰ্ণাঢ্য কৃষ্টি প্রদর্শন কার্যসূচী শুভ উদ্বোধন কৰে গোলাঘাট হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° বন্তিৰাণী গগৈ ফুকনে। পুৱা ভাগত শ্বহীদ তর্পণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি অভিৱৰ্তন গোস্বামীয়ে। সন্ধিয়া প্রাক্তন ছাত্র নেতা সত্যজিৎ বৰা সোঁৱৰণী সাংস্কৃতিক অনুষ্ঠানত জনপ্রিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই গীত পৰিৱেশন কৰে। আজি প্রাক্তন ছাত্র-ছাত্রী সন্মিলন, নেতৃত্ব সম্মিলন আদি অনুষ্ঠিত হ'ব।

Share This