পত্নী দীপিকা পাডুকনৰ সৌন্দৰ্য দেখি স্বামী ৰণবীৰ সিঙৰ মুখৰ পৰা ওলাই গ'ল ভগৱান

Rashmi March 11, 2025

ডিজিটেল ডেস্ক : পুনৰ আন এক চৰ্চালৈ আহিছে বলিউডৰ অভিনেত্ৰী দীপিকা পাডুকন। দীপিকা পাডুকনক সৌন্দৰ্যৰ ৰাণী বুলি ক'লেও হয়তো ভুল কোৱা নহ'ব। বৰ্তমান অভিনেত্ৰীগৰাকীয়ে পেৰিছত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।দীপিকা পাডুকনৰ সৌন্দৰ্যই এতিয়া নেটিজেনক স্তম্ভিত কৰি তোলা পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে ৩৯ বছৰীয়া তাৰকা দীপিকা পাডুকনে পেৰিছত আয়োজিত এক অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰিছে ।বিলাসী ফেশ্বন ব্ৰেণ্ডৰ বাবে গোলকীয় এম্বেছেডৰ হিচাপে চুক্তিবদ্ধ হোৱা প্ৰথমগৰাকী ভাৰতীয় হিচাপে ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে অভিনেত্ৰীগৰাকীয়ে।দীপিকাই নিজৰ শেহতীয়া ফটোশ্বুটৰ ফটো ইতিমধ্যে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে ।

 ফটো দেখাৰ লগে লগে অনুৰাগীসকলে প্ৰশংসাৰে উপচাই পেলায় দীপিকা পাডুকনক। ফটোসমূহত দীপিকা পাডুকনক আইফেল টাৱাৰৰ সন্মুখত প'জ দিয়া দেখা গৈছে । আনহাতে মোহনীয়া পত্নীৰ শেহতীয়া ফটোক লৈ স্বামী ৰণবীৰ সিঙে দিলে এক আচৰিত প্ৰতিক্ৰিয়া। ৰণবীৰ সিঙে প'ষ্টত লিখিছে, ‘ভগৱানে মোক দয়া কৰক । ৰণবীৰ সিঙৰ এই প্ৰতিক্ৰিয়াই এতিয়া সামাজিক মাধ্যমত বিশেষভাৱে চৰ্চা লাভ কৰিছে।

Share This