তিনিদিন বন্ধ থাকিব লালকিল্লা, বন্ধ থাকিব মেট্ৰ’ ষ্টেছনো

Kakali Deka November 11, 2025

ডিজিটেল ডেস্কঃ সোমবাৰে সন্ধিয়া লালকিল্লাৰ মেট্ৰ’ ষ্টেছনৰ সমীপত এখন চলন্ত গাড়ীত সংঘটিত বিস্ফোৰণে কঁপালে ৰাজধানী দিল্লী । এই ঘটনাই সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি কৰে আৰু লগে লগে ঘটনাস্থলীত উপস্থিত হয় দিল্লী আৰক্ষী, ফৰেনছিক দল, বোমা নিষ্কাশন দল। আৰক্ষীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি বৰ্তমান তদন্ত অব্যাহত ৰাখিছে। নিৰাপত্তাজনিত কাৰণত অহা তিনিদিনলৈ লালকিল্লা বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।


আজি বন্ধ নেতাজী সুভাষ মাৰ্গ

দিল্লী যান-বাহন আৰক্ষীয়ে জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে আজি (১১ নৱেম্বৰ) নেতাজী সুভাষ মাৰ্গৰ দুয়োকাষৰ পথ বন্ধ কৰি দিছে। চট্টা ৰেʼল কাটৰ পৰা সুভাষ মাৰ্গ কাটলৈ কোনো যান-বাহন যাতায়াত কৰিব নোৱাৰিব।

এই নিষেধাজ্ঞাসমূহ পুৱা ৬ বজাৰ পৰা পৰৱৰ্তী জাননী নিদিয়ালৈকে চলি থাকিব। যান-বাহন আৰক্ষীয়ে যাতায়াত কৰা লোকসকলক অসুবিধাৰ পৰা হাত সাৰিবলৈ বিকল্প পথ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে।

বিস্ফোৰণৰ পিছত দিল্লীত হাই এলাৰ্ট

বিস্ফোৰণৰ লগে লগে দিল্লী আৰক্ষীয়ে সকলো স্পৰ্শকাতৰ ক্ষেত্ৰত নিৰাপত্তা বৃদ্ধি কৰিছে। আই জি আই বিমানবন্দৰ, ইণ্ডিয়া গেট, সংসদ ভৱন, আৰু সীমান্ত অঞ্চলত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। প্ৰতিখন বাহন পৰীক্ষা কৰা হৈছে আৰু আৰক্ষীয়ে কোনো সন্দেহজনক বস্তু বা কাৰ্যকলাপৰ বিষয়ে তৎক্ষণাৎ খবৰ দিবলৈ আহ্বান জনাইছে।

৩ দিনৰ বাবে বন্ধ লালকিল্লা

এই ঘটনাৰ পিছতে ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগে নিৰাপত্তাজনিত কাৰণত অহা ৩ দিনৰ বাবে লালকিল্লা বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সময়ছোৱাত কোনো পৰ্যটক বা সাধাৰণ নাগৰিকক এই কমপ্লেক্সত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। বিষয়াসকলে কয় যে এই সিদ্ধান্ত কেৱল সতৰ্কতামূলক ব্যৱস্থা হিচাপে লোৱা হৈছে যাতে তদন্ত আৰু নিৰাপত্তাৰ ব্যৱস্থাত কোনো ধৰণৰ ব্যাঘাত জন্মাব নোৱাৰে।

তদন্তত নিয়োজিত আৰক্ষী আৰু সংস্থা

ডিচিপি নৰ্থ ৰাজা বান্থিয়াই কয় যে, "ইউএপিএ, বিস্ফোৰক আইন আৰু ভাৰতীয় দণ্ডবিধিৰ অধীনত এফ আই আৰ পঞ্জীয়ন কৰা হৈছে। তদন্ত আৰম্ভ হৈছে আৰু দিল্লী আৰক্ষী, এফ এছ এল, আৰু এন এছ জিৰ কেইবাটাও বিশেষ দল ঘটনাস্থলীত উপস্থিত আছে।"

তেওঁ কয়, "আমি তদন্তত সহায়ক হোৱাকৈ সকলো সম্ভাৱ্য প্ৰমাণ সংগ্ৰহ কৰিছো। তদন্ত এতিয়াও প্ৰাৰম্ভিক পৰ্যায়ত আছে। ইয়াৰ ওপৰত মন্তব্য কৰাটো অকাল হ'ব। এল এন জে পিতো মৰণোত্তৰ পৰীক্ষা চলি আছে। ইতিমধ্যে পাঁচটা মৰণোত্তৰ পৰীক্ষা কৰা হৈছে। হয়, আমাৰ এটা বা দুটা অচিনাক্ত মৃতদেহ আছে। ইতিমধ্যে আমি ছটা মৃতদেহ চিনাক্ত কৰিছো।"

Share This