ডিজিটেল ডেস্ক: কথাতে কয় উপদেশতকৈ আর্হি ভাল। এই আপ্ত বাক্যশাৰীক সাৰোগত কৰি কালি নগাঁও জিলাৰ ৰহাত হাতত কঠীয়া লৈ ৰোৱণীৰ বেশত নামিল কৃষি বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ লগতে বিষয়া-কর্মচাৰী।
উল্লেখযোগ্য যে ৰহা সহকাৰী কার্যবাহী কৃষি অভিযন্তা শৰৎ দত্তই কালি স্থানীয় কৃষকসকলক উৎসাহিত কৰিবলৈ গ্ৰহণ কৰে এই ব্যতিক্রমী পদক্ষেপ। ৰাজ্য চৰকাৰে প্ৰতি বছৰে ৰাজ্যৰ অন্যান্য ঠাইৰ দৰে ৰহাৰ সহকাৰী কার্যবাহী কৃষি অভিযন্তা কাৰ্যালয়ৰ এলেকাধীন অঞ্চলৰ কৃষকসকলৰ বাবে কৃষিজাত কাৰিকৰী সামগ্রী যোগান ধৰি আহিছে।
টেক্টৰ, পাৱাৰ টিলা,পাৱাৰ উইডাৰৰ যোগেদি কৃষকসকলে বৈজ্ঞানিক পদ্ধতিৰে অধিক উৎপাদনৰ লক্ষ্যৰে কৃষিকৰ্ম কৰি আহিছে। ইয়াৰ লগতে সংগতি ৰাখি সহকাৰী কাৰ্যবাহী কৃষি অভিযন্তাগৰাকীয়ে কাৰ্যালয়ৰ চৰকাৰী আৱাসৰ সন্মুখত থকা মাটিত বৰো ধানৰ উন্নত জাতৰ কঠীয়াই কিদৰে অধিক উৎপাদন কৰিব পাৰি তাৰে এই পৰীক্ষামূলক লক্ষ্যৰে প্রদর্শনীমূলক কৃষিকার্য শুভাৰম্ভ কৰে।
সহকাৰী কাৰ্যবাহী কৃষি অভিযন্তাগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, ঠাইখিনিত বহু বছৰ শাক-পাচলিৰ খেতি কৰা হৈছিল যদিও এই বছৰত ব্যতিক্রমী চিন্তাৰে বৰো ধানৰ এক উন্নত জাতৰ কঠীয়াই কিদৰে অধিক উৎপাদন কৰিব পাৰি তাৰে এই পৰীক্ষামূলক লক্ষ্যৰে প্ৰদৰ্শনীমূলক কৃষিকাৰ্য শুভাৰম্ভ কৰে। সহকাৰী কাৰ্যবাহী কৃষি অভিযন্তাগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, ঠাইখিনিত বহু বছৰ শাক-পাচলিৰ খেতি কৰা হৈছিল যদিও এই বছৰত ব্যতিক্ৰমী চিন্তাৰে বৰো ধানৰ এক উন্নত জাতৰ কঠীয়া সংগ্ৰহ কৰি ধান খেতি কৰা হৈছে।
উল্লেখযোগ্য যে উক্ত কৃষিকার্যত কোনো ৰোৱণী নোহোৱাকৈ পুৱাৰ ভাগত কাৰ্যালয়ৰ বিষষা-কৰ্মচাৰীসকলে একেলগে ভূঁই ৰুৱে।