দেৱালীত কিয় হেভী মেক-আপ কৰিব লাগে ?

Kakali Deka October 30, 2024

ডিজিটেল ডেস্কঃ ধনতেৰস পাৰ হৈ গ’ল। আয়ুৰ্বেদৰ দেৱতা ধন্বত্বৰিৰ পুনৰ ধৰাত আৱিৰ্ভাৱ হোৱাৰ শুভক্ষণ হৈছে ধনতেৰস।এই দিনটোত ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰি নিজেও পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ বছৰটোলৈ সু-স্বাস্থ্য কামনা কৰে সকলোৱে। স্বাস্থ্যই পৰম সম্পদ। শৰীৰ আৰু স্বাস্থ্য ভালে থাকিলে কৰ্মঠ হৈ থাকিব পাৰে। কৰ্ম কৰিলেহে ধন ঘটিব পাৰে। ধন ঘটিলে লক্ষ্মী আহে। সেইবাবেই  ধনতেৰসত ধনৰ বাবে পূজা কৰা হয় বুলি কোৱা হয়। ব্যৱসায় বৃদ্ধি  হোৱা মানে ধন অহা। বহুতে অৱশ্যে সোণ-ৰূপ ক্ৰয় কৰিও ধনতেৰস পালন কৰে।

এতিয়া আহোঁ দেৱালীৰ সৌন্দৰ্য চৰ্চাৰ কথালৈ। দেৱালীৰ সময়ত নাতিশীতোষ্ণ পৰিৱেশ হয়। এনে পৰিৱেশত বীজাণুৰ সংক্ৰমণ বৃদ্ধি পায়। সেয়ে হাত আৰু ভৰিত মেহেন্দী বা জেতুকা লগাব লাগে। হালধি পানীৰে গা ধুব লাগে। চুলিত তেল লগাই মালিচ কৰিব লাগে। সৰিয়হ দি চুলি ধুব লাগে। ত্ৰিফলাৰ পানী খাব লাগে। ডিঙি আৰু নাকৰ বেমাৰ নহ'বলৈ গৰুৰ ঘিউ, মৌ, গুৰৰ মিঠাই খাব লাগে। ঘৰৰ চাৰিওফালৰ জাবৰ-জোঁথৰ চাফা কৰি ধোঁৱা দিয়াৰ ব্যৱস্থা কৰিব লাগে।

মুখত মেক-আপ কৰিব। হেভী মেক-আপ কৰিবও‌ পাৰে।‌ দেৱালীৰ নিশাৰ চাকি আৰু ফেইৰী লাইটৰ পোহৰত মেক-আপ লুকাই যায়। পৰাপক্ষত strong light নাথাকিলে dark, smokey eye makeup avoid কৰিব।‌ যিমান পাৰে‌ shimmery or glittery eyes makeup কৰিব। Bright and bold elangoted eye makeup কৰিলে চকুযুৰি খুব attractive লাগে। Contouring কৰিব নহ'লে ফ্লেট লাগে। ওঁঠযুৰি pouting lips effect দিবলৈ আউটলাইন বাহিৰৰ পৰা আঁকিব bow shapeত। ভিতৰৰখিনি bright shimmery color দি‌ ফিল‌-আপ‌ কৰিব।

দেৱালীৰ‌ লগত‌ মিলাই ধুনীয়া‌ পোছাক‌ পিন্ধিব, যাতে আপুনি জিলিকি থাকে। বেছি হাই হিল নিপিন্ধি প্লেটফৰ্ম পিন্ধিব। ভাল পাৰফিউম লগাব। দেৱালীৰ‌ বন্তি আৰু‌ আলোকে‌ আপোনাৰ জীৱন পোহৰাই তোলক।

Share This