মাজুলীত জীৱন্ত আহোম যুগৰ ঐতিহ্য

dainik janambhumi June 22, 2026

ডিজিটেল ডেস্ক : মাজুলী-যোৰহাট জলপথৰ ফেৰীত যাত্ৰা কৰা লোকসকলৰ বাবে এইকেইদিন এক অনন্য অভিজ্ঞতাৰ সৃষ্টি কৰিছে প্রায় ১৫০ জনীয়া বৃহৎ বনৰীয়া হাতীৰ এটা পালে। বহুকেইটা পোৱালি থকা হাতীৰ পালটো ব্ৰহ্মপুত্ৰৰ মাজত গঢ়ি উঠা চাপৰিসমূহত দীর্ঘদিন ধৰি অৱস্থান গ্রহণ কৰি আছে। প্রায় প্রতিদিনেই কমলাবাৰী-নিমাতী ফেৰীঘাটৰ যাত্ৰীসকলে হাতীৰ পালটোক কেতিয়াবা চাপৰিত বিচৰণ কৰা, কেতিয়াবা ব্ৰহ্মপুত্ৰৰ বুকুত একেলগে জলকেলি কৰাৰ মনোমোহা দৃশ্য প্রত্যক্ষ কৰিছে। 

শেহতীয়াকৈ হাতীৰ পালটোৱে মাজুলীৰ মূল ভূখণ্ড অভিমুখে আগবাঢ়িবলৈ চেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ ফলত কমলাবাৰী অঞ্চলৰ নদীকাষৰীয়া গাঁওসমূহৰ বাসিন্দাৰ মাজত উদ্বেগ বৃদ্ধি পাইছে। নিশা হাতী গাঁওমুখী হোৱাৰ আশংকাত বহু লোকে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে। বন বিভাগ আৰু স্থানীয় সূত্ৰ অনুসৰি, এই হাতীৰ পালটোৱে সাধাৰণতে ডিব্ৰুগড়ৰ বগীবিল অঞ্চলৰ দেউৰীপথাৰৰ পৰা যোৰহাটৰ ঐতিহাসিক হাতীশাল অঞ্চললৈকে পৰিভ্ৰমণ কৰি থাকে। শাওণ মাহত প্রায় প্রতিবছৰে হাতীশালত উপস্থিত হৈ ধানৰ কঠীয়া, ৰবি শস্য আদি খাই কৃষকৰ ক্ষতি সাধন কৰাৰ ঘটনাও নতুন নহয়। যদিও বহু সময়ত পালটোক এই পৰিভ্ৰমণ পথৰ পৰা আঁতৰাই নিয়াৰ চেষ্টা চলোৱা হৈছে, কিন্তু সেই প্রচেষ্টা বিশেষ সফল হোৱা নাই। এইবাৰ অৱশ্যে পূৰ্বৰ তুলনাত ব্যতিক্রমী ছবি দেখা গৈছে। 

ধান পকাৰ বতৰতহে মাজুলীত প্ৰৱেশ কৰা হাতীৰ পালটোৱে এইবাৰ দীৰ্ঘদিন ধৰি যোৰহাট-মাজুলীৰ মাজৰ ব্ৰহ্মপুত্ৰৰ চাপৰিসমূহতেই অৱস্থান কৰি আছে। এফালে ইয়াৰ বাবে নদীকাষৰীয়া অঞ্চলত শংকাৰ সৃষ্টি হৈছে, আনফালে ব্ৰহ্মপুত্ৰৰ বুকুত হাতীৰ জলকেলিয়ে প্রকৃতিপ্রেমী আৰু ফেৰীযাত্ৰীসকলক মোহিত কৰি তুলিছে। ইতিহাসৰ পৃষ্ঠাও এই হাতীৰ পালৰ সৈতে ওতপ্রোতভাৱে জড়িত। যোৰহাটৰ হাতীশাল আৰু হাতীগড় অঞ্চলৰ ইতিহাস আহোম যুগৰ পৰা চলি অহা চাৰি শতিকাৰো অধিক পুৰণি। আহোম স্বৰ্গদেউ প্রতাপ সিংহৰ (বুঢ়া ৰজা) সময়ত হস্তিনাপুৰ স্থাপনৰ লক্ষ্যৰে বনৰীয়া হাতী ধৰি সংৰক্ষণ কৰাৰ বাবে গঢ়ি উঠিছিল হাতীগড় আৰু হাতীশাল। সেই ঐতিহাসিক পৰম্পৰাৰ ধাৰাবাহিকতাত আজিও এই কৰিড'ৰেদি হাতীৰ জাকসমূহৰ বিচৰণ অব্যাহত আছে। 

বর্তমান দেখা পোৱা এই হাতীৰ পালটোক আহোম যুগৰ পৰা চলি অহা ঐতিহাসিক হাতী কৰিড'ৰৰ পৰৱৰ্তী প্ৰজন্মৰ অংশ বুলি স্থানীয়ভাৱে ধৰা হয়। ইতিহাস, প্ৰকৃতি আৰু জীৱ বৈচিত্র্যৰ এক অনন্য সমন্বয় বহন কৰি ব্ৰহ্মপুত্ৰৰ বুকুত আজিও অবাধে বিচৰণ কৰি আছে এই বনৰীয়া হাতীৰ পাল। কিন্তু ইয়াৰ লগতে মানুহ আৰু হাতীৰ সংঘাত এৰাই চলিবলৈ বন বিভাগ, স্থানীয় প্রশাসন আৰু ৰাইজৰ সমন্বিত পদক্ষেপো সময়ৰ এক গুৰুত্বপূৰ্ণ দাবী হৈ পৰিছে।

Share This