ডিজিটেল ডেস্ক : ভাৰতত পেট্রল আৰু ডিজেলৰ দাম অচিৰেই হ্রাস পোৱাৰ সম্ভাৱনা আছে। এই ইংগিত দিয়ে কেন্দ্রীয় পেট্রলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে। উত্তৰ প্ৰদেশৰ সোণভদ্ৰত কৰা ভ্ৰমণৰ সময়ত পুৰীয়ে কয় যে দেশত পেট্রল আৰু ডিজেলৰ দাম হ্রাস পোৱাৰ সম্ভাৱনা আছে। তেওঁৰ মতে কোম্পানীসমূহৰ হাতত পূৰ্বতে অধিক দামত ক্ৰয় কৰা খাৰুৱা তেল এতিয়াও মজুত আছে। এতিয়া কম দামত ক্ৰয় কৰা খাৰুৱা তেল যেতিয়া শোধনাগাৰসমূহ পাবগৈ তেতিয়া ইয়াৰ শোধন কৰা হ'ব আৰু তেতিয়া উপভোক্তাই দামৰ ক্ষেত্রত সকাহ লাভ কৰিব পাৰে। তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় বজাৰত একেৰাহে উত্থান-পতন হৈ থকাৰ লগতে পশ্চিম এছিয়াত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তো ভাৰতে ইন্ধনৰ দাম যথেষ্ট নিয়ন্ত্ৰণত ৰাখিছিল।
কেন্দ্ৰীয় চৰকাৰে বিগত বছৰকেইটাত পেট্রল আৰু ডিজেলত কেইবাবাৰো আবকাৰী শুল্ক কর্তন কৰিছে। খাৰুৱা তেলৰ বৰ্ধিত দামৰ বৃহৎ অংশ কেন্দ্ৰীয় চৰকাৰে বহন কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ জৰিয়তে জনসাধাৰণক দাম বৃদ্ধিৰ পৰা বছোৱা হৈছিল। ইফালে চৰকাৰী খণ্ডৰ তেল বিপণন কোম্পানীকেইটা বর্তমান বৃহৎ পৰিমাণৰ বিত্তীয় বোজাৰ সন্মুখীন হৈছে। এই কোম্পানীকেইটাই প্রতিদিনে বৃহৎ পৰিমাণৰ লোকচানৰ সন্মুখীন হৈছে যদিও উপভোক্তাৰ ওপৰত সম্পূৰ্ণ বোজা জাপি দিয়া নাই। সেয়েহে বিশ্বৰ বজাৰত খাৰুৱা তেলৰ দাম যথেষ্ট বৃদ্ধি পোৱাৰ সময়তো দেশত ইন্ধনৰ দাম সীমিত হাৰত বৃদ্ধি কৰা হৈছিল।