ধেমাজিত বাঁহৰ দলঙেৰে বিপদসংকুল যাতায়াত, এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত চিচিবৰগাঁৱৰ নিলখ বালিগাঁও

dainik janambhumi June 29, 2026

ডিজিটেল ডেস্ক : ধেমাজি জিলাৰ চিচিবৰগাঁৱৰ নিলখ বালিগাঁও আজি পিছপৰি আছে। গাঁওখনে আজিও দেখা নাই ১০৮ সেৱা। অঞ্চলটোত কোনো উন্নয়ন হোবা নাই। গাঁওখনলৈ যাবলৈ পাৰ হ'ব লাগে ৪খন বাঁহৰ সাঁকো-দলং। প্রসূতি মাতৃ বা ৰোগীক বাৰিষাত আনিব লাগে সাঙীত নতুবা ঠেলাত। শ্ৰীপাণীৰ পালেঙীৰ পাঁচআলিৰ পৰা গাইনদীৰ মথাউৰিলৈ যোৱা এই পথটো অন্যতম পথ। বাৰিষাৰ আগতে ৰাইজে সাজি ল'ব লগা হয় এই বাঁহৰ দলংসমূহ। 

স্বাধীনতাৰ ৭৯ বছৰ পাছতো উন্নয়নৰ মুখ নেদেখিলে গাঁওবাসীয়ে। স্থানীয় ৰাইজৰ অভিযোগ- একাংশ নেতাই ৰাইজৰ প্ৰতিনিধি হ'বলৈ আগবাঢ়ি আহি নিৰ্বাচনৰ সময়ত, আশ্বাস দিয়ে নির্বাচনত জয়ী হ'লে যাতায়াত ব্যবস্থা সুচল কৰিব। 

কিন্তু নিৰ্বাচনত জিকাৰ পাছত ফুটুকাৰ ফেনলৈ পৰিৱৰ্তিত হয় নির্বাচিত প্রতিনিধিৰ। অতিশীঘ্ৰেই অঞ্চলটোৰ যাতায়াত ব্যৱস্থা সুচল কৰিবলৈ স্থানীয় ৰাইজে জনপ্রতিনিধি আৰু বিভাগীয় কর্তৃপক্ষক আহ্বান জনাইছে।

Share This