আপুনি জানেনে আকাশৰ তৰাবোৰে যে গুণগুণাই থাকে ?

Jyoti Borah August 19, 2023

ডিজিটেল ডেস্কঃ নিশাৰ আকাশত তৰাবোৰে তিৰবিৰাই থকা সকলোৱে দেখিছে৷ কিন্তু এই তৰাবোৰে গুণগুণাই থাকে বুলি বিজ্ঞানীসকলে প্ৰকাশ কৰিছে৷ জ্যোতিৰ্বিদসকলে তৰাৰ গুণগুণনিৰ বিষয়ে অধ্যয়ন কৰি আছে৷ তেওঁলোকে লগতে এই বুলিও প্ৰকাশ কৰিছে যে অচিৰেই তৰাবোৰৰ এই গুণগুণনি সকলোৱে শুনিবলৈ পোৱাৰ সম্ভাৱনা আছে৷ নৰ্থ ৱেষ্টাৰ্ন বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এটা নতুন অধ্যয়ন কৰিছে৷ তেওঁলোকে এই অধ্যয়নটো কৰিছে তৰাবোৰৰ গুণগুণনিক লৈ৷ গৱেষকসকলে তৰাৰ তিৰবিৰনিত গুণগুণনিলৈ পৰিৱৰ্তন কৰাৰ উপায়ৰ বিষয়ে অধ্যয়ন কৰি থকা বুলি প্ৰকাশ পাইছে৷ বিজ্ঞানৰ মতে তৰাবোৰৰ পৰা অহা ৰশ্মি পৃথিৱীৰ বায়ুমণ্ডলৰ মাজেৰে পাৰ হোৱাৰ কাৰণে তিৰবিৰাই থকা দেখা পোৱা যায়৷ কিন্তু শেহতীয়াকৈ কৰা অধ্যয়নৰ পৰা জানিব পৰা মতে তৰাবোৰৰ নিজস্ব অভ্যন্তৰীণ তিৰবিৰণিও থাকে৷ সেইটো হয় নক্ষত্ৰবোৰত থকা গেছৰ তৰংগৰ কাৰণে৷ ইয়াক অৱশ্যে এতিয়ালৈকে দূৰবীণেৰে দেখা পোৱাটো সম্ভৱ হোৱা নাই৷ গৱেষকসকলে এনে ধৰণৰ কৌশল বিকাশৰ চেষ্টা কৰি আছে, যাৰ জৰিয়তে তৰাবোৰৰ অভ্যন্তৰৰ পৰা পৃষ্ঠভাগলৈ অহা শক্তিৰ এক ত্ৰিবিমিতীয় মেপ তৈয়াৰ কৰিব পাৰি৷  এই গৱেষণাক আৰু এখোজ আগুৱাই নি তেওঁলোকে গেছীয় তৰংগক শব্দ তৰংগলৈ ৰূপান্তৰ কৰাৰ চেষ্টা কৰি আছে৷ ইয়াৰ পাছত তৰাবোৰৰ গুণগুণনি স্পষ্টভাৱে শুনিবলৈ পোৱা যাব৷ বিজ্ঞানীসকলৰ মতে, এই তৰাবোৰ কনভেনশ্যন জ’নত আছে আৰু ইয়াক গেছীয় মন্থন চলি থাকে৷ যি তাপক তৰাৰ কেন্দ্ৰৰ পৰা বাহিৰলৈ উলিয়াই আনে৷ ইয়াৰ ফলত উপৰি ভাগত থকা গেছে ধুমুহাৰ ৰূপ লয় আৰু তাপে এই ধুমুহাক অধিক শক্তিশালী কৰে, ঠাণ্ডা গেছ তললৈ যায় আৰু পুনৰ গৰম হৈ ওপৰলৈ উঠে৷ গেছৰ এনে ধৰণৰ গতিৰ ফলত তৰংগৰ উৎপত্তি হয় আৰু ইয়াৰ ফলত তৰাবোৰ তিৰবিৰাই থাকে৷ এতিয়া বিজ্ঞানীসকলে তৰাৰ এই স্পন্দনক স্পষ্টভাৱে শুনাৰ প্ৰচেষ্টা আৰম্ভ কৰিছে৷
 

Share This