ৰহাৰ খণ্ড উন্নয়ন বিষয়া, বন বিভাগৰ বিৰুদ্ধে গোচৰ, দুষ্ট চক্রই পানী সিঁচি শুকুৱালে দীঘলী বিল

dainik janambhumi March 07, 2026

ডিজিটেল ডেস্ক: বন্যপ্রাণী সুৰক্ষাত চূড়ান্ত গাফিলতি কৰা বাবে ৰহাৰ খণ্ড উন্নয়ন বিষয়া আৰু বন বিভাগৰ বিৰুদ্ধে পৰিৱেশ সংৰক্ষণ কেন্দ্ৰই কামপুৰ থানাত এটা গোচৰ ৰুজু কৰে। কামপুৰ আৰু ৰহাৰ মাজত প্রায় ৯ বর্গ কিল 'মিটাৰ এলেকাৰ গ্রেমিং পর্যায়ত থকা দীঘলী বিল বিভিন্ন প্ৰজাতিৰ বন্য জীৱ-জন্তুৰ আৱাসৰ লগতে পৰিভ্ৰমী চাৰাইৰো আৱাসস্থল। 

মাঘ আৰু বহাগ বিহুত ৰাইজে বিলত মাছ মৰা এক ঐতিহাসিক পৰম্পৰা। ৰহাৰ খণ্ড উন্নয়ন বিষয়াই বিলখন লীজত দিছে। এটা দুষ্ট চক্রই বিলৰ পানী খান্দি উলিয়াই দিয়াৰ লগতে পাম্প লগাই গোটেই বিলখন শুকুৱাই পেলালে। বর্তমান বন্য প্রাণী দূৰৈৰ কথা, চৰণীয়া গৰুৱেও পানী খাবলৈ বিলত পানী নাইকিয়া কৰিলে। ইয়াৰ উপৰি দুষ্ট চক্ৰটোৱে বিলৰ চৰাইবিলাক ফাণ্ড পাতি ধৰি আহিছে। 

বন্যপ্রাণী সুৰক্ষা আইন ১৯৭২ মতে, কোনো জলাশয়ৰ পানী নলা খান্দি উলিয়াই দিয়া বা সিঁচি পেলোৱা আৰু বন্যপ্রাণী নিধন কৰা গুৰুতৰ অপৰাধ। অপৰাধীৰ সাত বছৰ পৰ্যন্ত জে'ল আৰু মোটা অংকৰ জৰিমনা হ'ব পাৰে। নলা খান্দি পানী উলিয়াই দিয়া প্রক্রিয়াটো আৰম্ভ কৰোঁতে যোৱা ১৯ জানুৱাৰীত বন বিভাগৰ ডি এফ অ' আৰু ৰহাৰ খণ্ড উন্নয়ন বিষয়া গোলচানা চুলতানাক অৱগত কৰা পাছতো তেওঁলোকে আজিকোপতি কোনো ব্যৱস্থা নল'লে। ফলত আজিৰ তাৰিখত গোটেই বিলখন শুকাই গৈছে। 

পক্ষী জৰীপ কৰাৰ উদ্দেশ্যে পৰিৱেশ সংৰক্ষণ কেন্দ্ৰ আৰু বন বিভাগৰ ডেপুটী ৰেঞ্জাৰ পবন কুমাৰ দাসৰ নেতৃত্বত যোৱা দলটোৱে ওমৰ আলীকে ধৰি তিনিজন মুছলমান সম্প্ৰদায়ৰ লোকে চৰাই ধৰিবলৈ ফান্দ পাতি থোৱা অৱস্থাত তেওঁলোকক হাতে-লোটে ধৰাৰ পাছতো আজিকোপতি চোৰাং চিকাৰীক কৰায়ত্ত কৰাৰ বাদে তেওঁলোকে আজিও বিলতে বাহৰ পাতি আছে। ইয়াৰ উপৰি পানী সিঁচা মেচিন জব্দ নকৰিলে। খণ্ড উন্নয়ন বিষয়াই বিলখন লীজত দিয়া লোকজনক পানী সিঁচা বন্ধ কৰিবলৈ হুকুম দিয়াতে দায়িত্ব সামৰিলে। 

প্রকৃততে লীজ হল্ডাৰে পানী সিঁচা নাই। দয়ঙীয়াল গাঁৱৰ কনক নাথ নামৰ লোক এজনে মুছলমান লোক তিনিজনক লগত লৈ বিলৰ পানী সিঁচা আৰু চৰাই চিকাৰ কৰা কামটো কৰি আছে। বন বিভাগৰ ডি এফ অ', বনাঞ্চলিক বিষয়া চামিম আখতাৰ আৰু ৰহাৰ খণ্ড উন্নয়ন বিষয়া গোলচানা চুলতানাই আজিকোপতি বিলখন পৰিদৰ্শন নকৰিলে। পৰিৱেশ সংৰক্ষণ কেন্দ্ৰৰ সম্পাদক স্বাক্ষৰিত অভিযোগনামাত বন্য প্রাণী সুৰক্ষা আইন ১৯৭২ ধাৰা ২(১৬), ২(৩৭), ৯ আৰু ৫১ অনুসৰি বি ডি অ' গোলচানা চুলতানা, কনক নাথ আৰু ওমৰ আলীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে আৰু অপৰাধীক আইনমতে দণ্ডিত কৰিবলৈ দাবী জনায়। জিলা আযুক্তলৈ লিখা আৱেদনখনত বিলখনৰ লীজ উঠাই দিবলৈয়ো আৱেদন কৰে।

Share This