ডিজিটেল ডেস্ক : অসম চৰকাৰৰ এক যুগন্তকাৰী পদক্ষেপ। অসম লোকসেৱা আয়োগক ডিজি ল'কাৰ ব্যৱস্থাৰ সৈতে সংযুক্ত কৰা হৈছে। স্বচ্ছ আৰু নিকা নিযুক্তিৰ প্ৰক্ৰিয়াত এই ব্যৱস্থাই মেধাৱী প্ৰাৰ্থীসকলক অধিক সুৰক্ষিত কৰিব বুলি জনাই কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয়- 'অসমৰ মেধাৱী যুৱক-যুৱতীৰ বাবে এক যুগান্তকাৰী পদক্ষেপ।
স্বচ্ছ নিযুক্তি প্রক্রিয়াত এক নতুন সংযোজন। অসম লোকসেৱা আয়োগৰ সৈতে ডিজি ল'কাৰ সংযুক্ত হোৱাৰ ফলত এতিয়া প্রমাণ-পত্ৰ পৰীক্ষণ প্রক্রিয়া হ'ব সম্পূর্ণ ডিজিটেল, স্বচ্ছ আৰু অধিক নিৰ্ভৰযোগ্য। আইনী জটিলতা হ্রাস পাব, সময় ৰাহি হ'ব আৰু ভুৱা প্রমাণ-পত্ৰৰ সম্ভাৱনাও প্রায় শূন্যলৈ নামি আহিব।'
আনহাতে, প্ৰযুক্তিৰ শক্তিৰে স্মার্ট শাসন ব্যৱস্থা আৰু পৰীক্ষাৰ্থীসকলৰ সুবিধা নিশ্চিত কৰাৰ দিশত অসমৰ এই অগ্রযাত্রা অব্যাহত থাকিব বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।