ডিজিটেল ডেস্ক : অসমৰ সংগীত জগতত গানৰ নামত এচামে যি ইচ্ছা তাকেই কৰিব লৈছে। বহু কালজয়ী গীতৰ ইতিহাসেৰে সম্বৃদ্ধ অসমীয়া সংগীতক এতিয়া এনে এচাম লোকে কালিমা সানিছে। পুনৰ তেনে এক ঘটনা সংঘটিত হৈছে এইখন অসমতে।
এতিয়া এটা গীতৰ প্ৰচাৰ চলাই বিপদত অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা। অশ্লীল শব্দ প্ৰয়োগ কৰা 'খগেন'ৰ প্ৰমোচন কৰি বিপদত ইউটিউবাৰ ডিম্পু বৰুৱা।
ইউটিউবাৰ ডিম্পু বৰুৱাৰ বিৰুদ্ধে ‘সদৌ অসম গোসাঁই সমাজ’এ অনলাইনযোগে দাখিল কৰিছে E-FIR । দিছপুৰ আৰক্ষী থানাত ডিম্পুৰ বিৰুদ্ধে গোচৰ। এটি অসমীয়া গীতত অশ্লীল আৰু অপমানজনক শব্দ ব্যৱহাৰৰ অভিযোগ সদৌ অসম গোসাঁই সমাজৰ।