ডিজিটেল ডেস্ক : পহিলা এপ্ৰিলৰ পৰা আৰম্ভ হ'ব লগা নতুন শৈক্ষিক বৰ্ষৰ বাবে তেজপুৰত আৰম্ভ হ'ল বিনামূলীয়া পাঠ্যপুথি বিতৰণ প্রক্রিয়া। তেজপুৰৰ গাভৰু শিক্ষাখণ্ডৰ মাজগাঁও সমল কেন্দ্ৰৰ অন্তৰ্গত স্বর্গীয় গোলোক চন্দ্র শইকীয়া স্মৃতি প্রাথমিক বিদ্যালয়ত কালি গাভৰু শিক্ষাখণ্ডৰ ২৯টা সমল কেন্দ্ৰৰ বিদ্যালয়ত বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ উদ্বোধনী অনুষ্ঠানৰ শুভাৰম্ভণি হয়।
অনুষ্ঠানৰ শুভ উদ্বোধন কৰে গাভৰু শিক্ষাখণ্ডৰ খণ্ড প্রাথমিক শিক্ষা বিষয়া নিলোৎজ্জ্বল শৰ্মাই। কালি প্রথম পৰ্যায়ত শিক্ষাখণ্ডটোৰ আঠটা সমল কেন্দ্ৰৰ ২১৮ বিদ্যালয়ৰ ভিতৰত ৪২খন বিদ্যালয়লৈ বিনামূলীয়া পাঠপুথি বিতৰণ কৰা হৈছে। প্রধান শিক্ষক-শিক্ষয়িত্রী প্রমুখ্যে অর্ধশতাধিক শিক্ষক-শিক্ষয়িত্ৰীৰ উপস্থিতিত পাঠ্যপুথি বিতৰণৰ আৰম্ভণিতে সৰস্বতী দেৱীৰ প্রতিচ্ছবিত বস্তি প্রজ্বলন কৰে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভানেত্ৰী কৰবী দাসে।
গাভৰু শিক্ষাখণ্ডৰ খণ্ড সমল বিষয়া প্রণীতা মেধিয়ে আঁত ধৰা শুভ অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ বি আৰ পি পংকজ দেৱ ৰয়, অঞ্জন জ্যোতি ডেকা, কুদৰৎ আলী, জিলা আঁচনি শিক্ষা বিষয়া দীপক বিশ্বাস, ৰাতুল কটকী আৰু শোণিতপুৰ জিলা অধিবিদ্যা পৰিষদৰ সম্পাদক বিজয় কাণ্ডুলানা।
উল্লেখযোগ্য যে অসম চৰকাৰৰ শিক্ষা বিভাগে নতুন শিক্ষাবৰ্ষৰ আৰম্ভণিতে ৰাজ্যৰ চৰকাৰী আৰু প্রতিষ্ঠিত বিদ্যালয়সমূহৰ শিক্ষার্থীসকলক বিনামূলীয়া পাঠ্যপুথি প্রদান কৰি আহিছে। অভিভাৱকৰ আয়ৰ ক্ষেত্রত কোনো বৈষম্য নাৰাখি নৱম আৰু দশম শ্রেণীত অধ্যয়নৰত সকলো ছাত্র-ছাত্রীকেই আঁচনিখনৰ নিৰ্ধাৰিত লক্ষ্য কৰি লোৱা হৈছে। লগতে আঁচনিখনে সকলো চৰকাৰী-প্ৰাদেশীকৃত আৰু অ-প্রাদেশীকৃত (স্বীকৃতিপ্রাপ্ত) অন্তর্ভুক্তিৰে, সকলো চাহ বাগিচা স্থানীয় বিদ্যালয়, ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ অধীনৰ আদৰ্শ বিদ্যালয় আৰু সকলো অ-প্রাদেশীকৃত বিদ্যালয়, যিবোৰে এটা সময়ত আর্থিক সহযোগ লাভ কৰিছে, তাকো সামৰি লৈছে।