শাওণ মাহ শেষ হোৱাৰ আগতে কৰক এই কাম! বিশেষ আশীৰ্বাদ পাব মহাদেৱৰ

Kakali Deka August 12, 2023

ডিজিটেল ডেস্ক: শাওণ মাহ আজিও চলি আছে। এই মাহটো শিৱ ভক্তৰ বাবে অতি গুৰুত্বপূৰ্ণ। শাওণত শিৱ আৰু পাৰ্বতী পূজা কৰিলে শুভ ফল পোৱা যায় বুলি লোকবিশ্বাস প্ৰচলিত। সেয়েহে ভক্তসকলে কিছু কিছু বিশেষ ব্যৱস্থা গ্ৰহণ কৰি মহাদেৱক সন্তুষ্ট কৰিব বিচাৰে। জানো আহক শাওণৰ এই বিশেষ পদক্ষেপ, যাৰ দ্বাৰা আপুনিও শিৱৰ বিশেষ আশীৰ্বাদ লাভ কৰিব পাৰে


১) ৰুগীয়া দেহাৰ পৰা পৰিত্ৰাণ পাবলৈ এই কেইটা কাম কৰক

শাওণত যেতিয়াই শিৱলিংগত অভিষেক কৰিব তেতিয়াই পানীত ক’লা তিল মিহলাই দিলে শাৰীৰিক ৰোগ আৰু মানসিক চাপৰ পৰা সকাহ পাব।

২) বিবাহিত জীৱনৰ অসুবিধা দূৰ কৰা প্ৰতিকাৰ

আপোনাৰ বিবাহিত জীৱনত যদি কোনো সমস্যাৰ সন্মুখীন হৈছে তেন্তে শাওণ মাহটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। কিয়নো পতি-পত্নীয়ে  যদি শাওণ মাহৰ সোমবাৰৰ দিনা একেলগে পঞ্চমৃতেৰে শিৱ-পাৰ্বতীক সন্তুষ্ট কৰে তেনেহলে ভাল ফল পাব পাৰে।

৩) বিবাহত বাধাৰ প্ৰতিকাৰ আতৰাবলৈ কি কি কৰিব লাগে

বহু মানুহৰ বিবাহ পৰিকল্পনাত বাধাৰ সৃষ্টি হয়। শাওণৰ সকলো সোমবাৰে ব্ৰত পালন কৰক। ইয়াৰ লগতে পানীত গংগাজল মিহলাই শিৱলিংগত অভিষেক কৰক। এনে পৰিস্থিতিত এই প্ৰতিকাৰ আপোনাৰ বাবে হ’ব পাৰে উপযোগী। 

৪) প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা হোৱাৰ উপায়

প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰাটো ইমান সহজ নহয়। ছাত্ৰ-ছাত্ৰীয়ে বছৰ বছৰ কষ্ট কৰাৰ পাছতো সফলতা লাভ কৰিবলৈ সক্ষম নহয়। সুফল পাবলৈ আপুনি শাওণৰ প্ৰতি সোমবাৰে ১১ টা গোটা বেলপাতত মৌ লগাই শিৱলিংগত অৰ্পণ কৰক। এই প্ৰতিকাৰৰ সহায়ত আপুনি সফলতা লাভ কৰাৰ সম্ভাৱনা আছে।

৫) চাকৰিত পদোন্নতি পোৱাৰ উপায়

শাওণত শিৱ-পাৰ্ৱতীক পূজা কৰক আৰু শাওনৰ শেষ সোমবাৰে মাতৃ পাৰ্বতীক ৰূপৰ চৰণ পাদুকা উচৰ্গা কৰক। এই প্ৰতিকাৰৰ দ্বাৰা আপোনাৰ চাকৰি আৰু ব্যৱসায়ত লাভ বৃদ্ধিৰ সম্ভাৱনা আছে। চাকৰি আৰু ব্যৱসায়ত অগ্ৰগতিৰ বাবে এই প্ৰতিকাৰ যথেষ্ট উপকাৰী। 

বি: দ্ৰ ইয়াত দিয়া তথ্যসমূহ কেৱল জ্যোতিষৰ ওপৰত ভিত্তি কৰি তথ্যৰ বাবেহে দিয়া হৈছে এই কথা আমি নিশ্চিত কৰা নাই। যিকোনো প্ৰতিকাৰ গ্ৰহণ কৰাৰ আগতে সংশ্লিষ্ট বিষয়ৰ বিশেষজ্ঞৰ পৰামৰ্শ নিশ্চয় ল’ব।

Share This