ATMৰ পৰা পইচা উলিওৱাৰ সময়ত আপুনি কৰে নেকি এইকেইটা কাম ? যদি কৰে পৰিব ভয়ংকৰ বিপদত

Rashmi July 18, 2025

ডিজিটেল ডেস্ক : দৈনন্দিন মানুহ আজিকালি ভিন্ন বেমাৰৰ সৈতে জৰ্জৰিত। তাৰে কিছুমান বেমাৰৰ ৰহস্য উলিওৱাটো  বৰ কঠিন । দৈনন্দিন জীৱনৰ বেমাৰৰ সৈতে আমি চিনাকি, কিন্তু এনেকুৱা কিছুমান বেমাৰ যি আমাৰ দৈনন্দিন কাম-কাজৰ পৰাও হ'ব পাৰে । 

আমেৰিকাৰ ব’ৰ্ড প্ৰমাণিত এম ডি অংকল'জিষ্ট ডাঃ ৰবি গুপ্তাই বুজাইছে যে আমি সদায় দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা এ টি এম মেচিনটোও ৰোগৰ কেন্দ্ৰ। আচলতে এ টি এমৰ পৰা নগদ ধন পোৱাৰ পিছত মেচিনৰ পৰা ৰচিদ ওলায়, যাৰ ফলত ৰোগ বিয়পিব পৰে। এতিয়া কথা হ'ল ইয়াৰ কাৰণ কি আৰু ইয়াৰ প্ৰতিকাৰ কেনেধৰণৰ ?

ডাঃ ৰবিয়ে জনোৱা মতে, এ টি এমৰ পৰা পোৱা নগদ ধনৰ ৰচিদ কেৱল এক ধৰণৰ চিয়াঁহীৰ সহায়তেই ছপা কৰা হয়। আৰু এই চিয়াঁহী প্লাষ্টিকৰ। ইয়াত সেই একেটা প্লাষ্টিক থাকে যাৰ পৰা শীতল পানীয়ৰ বটল তৈয়াৰ কৰা হয়। তেওঁ জনায় যে এই কাগজখনক কেৱল এখন কাগজ বুলি গণ্য কৰাটো শুদ্ধ নহ’ব কাৰণ এই দেখাত এই সাধাৰণ কাগজখনত আমাৰ শৰীৰৰ হৰম’নবোৰক বিঘ্নিত কৰা অদৃশ্য অণু সংলগ্ন হৈ থাকে। ইয়াৰ বাবে পুৰুষেও বন্ধ্যাত্বৰ দৰে সমস্যাৰ সন্মুখীন হ’ব পাৰে ।

ইয়াৰ পৰা মানুহৰ অত্যন্ত ক্ষতি হ'ব পাৰে। যেনে এই প্লাষ্টিক জাতীয় ৰেপাৰৰ পৰা বন্ধ্যাকৰণৰ দৰে জটিল সমস্যাৰ সন্মুখীন হ'ব পাৰে আৰু ভিন্ন প্ৰকাৰৰ কেঞ্চাৰৰ দৰে জটিল সমস্যাৰ সম্মুখীন ইয়াৰ পৰাই হ'ব পাৰে  । বহুবাৰ এনে ৰেপাৰ স্পৰ্শ কৰাৰ পাছত খুৱ কম মানুহে হাত পানীৰে ধোৱে। হাত ভালদৰে নুধোৱাৰ ফলত পেপাৰত থকা ইংকে দেহৰ ভিন্ন অংগক প্ৰভাৱিত কৰিব পাৰে । লগতে ই দেহৰ কিছু অংগ ধ্বংস কৰাৰো গুৰুতত্বপূৰ্ণ কাৰক । 


এ টি এমৰ পৰা ওলোৱা এই ইংকৰ পেপাৰ সাধাৰণ পেপাৰ নহয় । ই থাৰ্মেল ইংক হয়, যিটো কেমিকেলৰ জৰিয়তে বনোৱা হয় । ইয়াক কেমিকেল ইংক পেপাৰ বুলিও কোৱা হয় য'ত  Leuco dyes আৰু developer's ৰ দৰে কেমিকেল উপলব্ধ। এই কেমিকেল পেপাৰৰ সৈতে একেলগে কাম কৰে আৰু পেপাৰত ইয়াৰ ৰং ক'লা বা নীলা আহে। এই কেমিকেলক BPA আৰু BPS যুক্ত বুলি জনা যায়। 

উল্লেখযোগ্য যে এনে ধৰণৰ ৰচিদ বেছি সময়লৈকে আপোনাৰ ওচৰত ৰখাটো উচিত নহয় লগতে সন্তানক ইয়াৰ লগত খেলিবলৈ দিয়াটো অনুচিত । যদি আপুনি পেপাৰখন ব্যৱহাৰ কৰিছে  তেন্তে হৈ যোৱাৰ পাছত শীঘ্ৰে নিজৰ হাতখন পৰিষ্কাৰকৈ ধুব। খোৱাৰ আগত ইয়াক স্পৰ্শ কৰাৰ পৰা বিৰত থাকক । পেপাৰখন ব্যৱহাৰ পাছত বহু দিনলৈ নিজৰ লগত নাৰাখি প্ৰয়োজন শেষ হোৱাৰ পাছত পেলাই দিয়াটো উচিত ।

Share This