ডিজিটেল ডেস্ক : গ্ৰীষ্মকালত তৰমুজ সেৱন কৰাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। কিয়নো তৰমুজত যথেষ্ট পৰিমাণে পানী থাকে। যিয়ে শৰীৰক 'ডিহাইড্ৰেশ্যন'ৰ সমস্যাৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে। তদুপৰি তৰমুজ প্ৰ'টিন, মেগনেছিয়াম, ফলেট, ভিটামিন বি, ফছফৰাছ, আইৰন, পটাছিয়াম, তাম, জিংক আদিৰেও সমৃদ্ধ।তৰমুজৰ লেখীয়াকৈ ইয়াৰ বীজ বা গুটিবোৰো স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইয়াত কেলৰি খুব কম পৰিমাণে থাকে। তৰমুজৰ গুটি খোৱাৰ সঠিক উপায় আৰু লাভালাভৰ বিষয়ে আজি জানো আহক :
তৰমুজৰ গুটি খোৱাৰ সঠিক উপায়
তৰমুজ খোৱাৰ পাছত আপুনি ইয়াৰ গুটিবোৰ শুকুৱাই থ’ব। ভালদৰে শুকুৱাৰ পাছত আপুনি ইয়াক ভাজি অথবা পাউডাৰ বনাই খাব পাৰে।
তৰমুজৰ গুটিৰ উপকাৰিতা
শৰীৰে ভিটামিন পায়
এই বীজত প্ৰচুৰ পৰিমাণে প্ৰ'টিন থাকে, যিয়ে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। আনকি ই শৰীৰত হোৱা যিকোনো ধৰণৰ সংক্ৰমণো দূৰ কৰে।
হৃৎপিণ্ড স্বাস্থ্যৱান ৰাখে :
মানুহৰ শৰীৰত বেয়া কলেষ্টেৰল জমা হোৱাৰ ফলত হৃৎপিণ্ডৰ আক্ৰমণ আশংকা বৃদ্ধি হয়। তৰমুজৰ বীজত থকা ফেটি এচিডে শৰীৰৰ পৰা অতিৰিক্ত কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে।
ডায়েবেটিচ নিয়ন্ত্ৰণ কৰে
এই বীজবোৰে ডায়েবেটিচ নিয়ন্ত্ৰণতো মুখ্য ভূমিকা পালন কৰে। তৰমুজৰ বীজত থকা মেগনেছিয়ামে শৰীৰক ইনচুলিনৰ প্ৰতি সংবেদনশীল কৰি তোলে। ফলস্বৰূপে, ডায়েবেটিচ নিয়ন্ত্ৰণত থাকে।
ঘা-ফোহা নিৰাময়ত সহায় কৰে :
তৰমুজৰ গুটিত যথেষ্ট পৰিমাণৰ এমিন’ এচিড এল-আৰ্জিনিন থাকে। এল-আৰ্জিনিনে শৰীৰত নাইট্ৰিক অক্সাইডৰ স্তৰ বৃদ্ধি কৰে। যি শৰীৰৰ যিকোনো ঘা সোনকালে নিৰাময় কৰাত সহায় কৰে।