জানেনে !ডালচেনিয়ে প্ৰতিৰোধ কৰিব পাৰে প্ৰষ্টেট কেন্‌ছাৰৰ 

Jyoti Borah August 29, 2023

ডিজিটেল ডেস্কঃ ভাৰতত পুৰুষৰ প্ৰষ্টেট কেন্‌ছাৰ ৰোগীৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে৷ প্ৰষ্টেট গ্ৰন্থি অস্বাভাৱিকভাৱে বৃদ্ধি পাই পাছত ই টিউমাৰৰ ৰূপ লয়গৈ৷ কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে প্ৰষ্টেট কেন্‌ছাৰ হোৱা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ 

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আই চি এম আৰ) আৰু নেশ্যনেল ইনষ্টিটিউট অব্‌ নিউট্ৰিশ্যনে (এন আই এন)এই বিষয়টোক লৈ কৰা এটা অধ্যয়নৰ পৰা জানিব পৰা মতে, ডালচেনিয়ে প্ৰষ্টেট কেন্‌ছাৰ প্ৰতিৰোধ কৰাত সহায় কৰে৷ আই চি এম আৰ-এন আই এনে এন্দুৰক লৈ কৰা গৱেষণাৰ পৰা এই কথা প্ৰকাশ কৰিছে৷ তেওঁলোকে জানিব পৰা মতে, ডালচেনি আৰু ইয়াৰ সক্ৰিয় যৌগ ছিনামাল্ডিহাইড তথা প্ৰচিয়ানিডিন বি-২ এন্দুৰক খুওৱা হৈছিল৷ ইয়াৰ ফলত এন্দুৰৰ প্ৰাৰম্ভিক পৰ্যায়ৰ প্ৰষ্টেট কেন্‌ছাৰ প্ৰতিৰোধী প্ৰভাৱ পৰিছিল৷ আন কথাত এন্দুৰক ডালচেনি খুওৱাৰ ফলত প্ৰষ্টেট কেনছাৰ হোৱাৰ আশংকা হ্ৰাস পাইছিল৷

 এই বিষয়ে প্ৰকাশ পাইছে ইণ্টাৰনেশ্যনেল পীয়েৰ ৰিভিউ জাৰ্নালত৷ এন আই এনে কৰা অধ্যয়নত বয়স্ক এন্দুৰক প্ৰষ্টেট কেন্‌ছাৰ হোৱাৰ আগে আগে ১৬ সপ্তাহ খাদ্যৰ সৈতে ডালচেনি আৰু ইয়াৰ জৈৱিকভাৱে সক্ৰিয় যৌগ খুওৱা হৈছিল৷ পাছত দেখা পোৱা গ’ল যে ৬০-৭০% এন্দুৰৰ প্ৰষ্টেট স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে৷ অৱশ্যে গৱেষকসকলে লগতে এই কথাও প্ৰকাশ কৰিছে যে এই বিষয়ত অধিক অধ্যয়নৰ প্ৰয়োজন আছে৷

Share This