জানেনে ? টুথপেষ্ট,ছেম্পুৱে  সৃষ্টি কৰিব পাৰে কেন্‌ছাৰৰ !

Jyoti Borah August 17, 2023

ডিজিটেল ডেস্কঃ ভাৰতত প্ৰতি বছৰে কেইবা লাখ লোক কেন্‌ছাৰত আক্ৰান্ত হয়। কেন্‌ছাৰ ৰোগৰ সৃষ্টি কৰা কেইবাটাও কাৰক আছে। ইয়াৰ ভিতৰত আমি পুৱা- গধূলি দাঁত ব্ৰাছ কৰোঁতে ব্যৱহাৰ কৰা টুথপেষ্টো আছে। বিশেষজ্ঞসকলৰ মতে, টুথপেষ্টে কেন্‌হাৰ হোৱাৰ আশংকা বৃদ্ধি কৰে। এই সম্পৰ্কত গৱেষণা কৰা টণ্টো বিশ্ববিদ্যালয়ৰ এজন গৱেষকে কয় যে টুথপেষ্টত ট্রাইক্ল’ছন যৌগ পোৱা যায়। ই কেন্‌ছাৰ ৰোগৰ আশংকা বৃদ্ধি কৰে। ই এনেকুৱা এবিধ যৌগ যি শৰীৰত কেন্‌ছাৰ ৰোগ সৃষ্টি কৰা কাৰকবোৰক সক্ৰিয় কৰি তোলে । একাংশ টুথপেষ্টত ট্ৰাইক্ল’ছন অধিক মাত্ৰাত পোৱা যায় আৰু ই কেন্‌ছাৰৰ কাৰণ হৈ পৰিব পাৰে। কেন্‌ছাৰ ৰোগ বিশেষজ্ঞসকলৰ মতে, ট্রাইক্ল’ছনে অস্ত্ৰত থকা উপকাৰী বেক্টেৰিয়াবোৰৰ ক্ষতি সাধন কৰে। ইয়াৰ ফলত কেন্‌ছাৰ ৰোগৰ সৃষ্টি হ'ব পাৰে ৷ সেয়েহে, টুথপেষ্ট অধিক মাত্ৰাত বৱহাৰ কৰিব নালাগে। ইয়াৰ লগতে ড্রাই ছেম্পুত বেনজিন নামৰ এবিধ ৰাসায়নিক থাকে। এই ৰাসায়নিকে কেন্‌ছাৰ হোৱাত অৰিহণা যোগাব পাৰে

Share This