ব্লটিঙৰ বিষয়ে জানে নে...?
Dainik Janambhumi
July 30, 2024
মধুমিতাৰ একলম ......
ডঃ মধুমিতা শইকীয়া, সৌন্দৰ্য শিক্ষাবিদ
ডিজিটেল ডেস্কঃব্লটিঙৰ বিষয়ে জানে চাগে। ফুলি যোৱা বুলিব পাৰি। ছালৰ তলৰ তৰপৰ শেষৰ তৰপত চৰ্বিযুক্ত পানী, চেলুলইট জমা হৈ যায়। নোমছিদ্ৰ বহল হৈ যায়। ছাল শিথিল হ’ব ধৰে। ওজন বঢ়া যেন নালাগে, কিন্তু শকত হৈ পৰে। বয়সৰ ছাপ পৰা দেখা যায়। ইয়াক আঁতৰাবলৈ বৰ টান । ব্যায়াম বহুত বেছি কৰিব লগা হয় , সেই অনুপাতে শৰীৰত শক্তি নাথাকে। ভাগৰুৱা ভাব থাকে, টোপনিৰ ভাব থাকে যদিও ৰাতি টোপনি ভাল নহয়। মানসিক চাপ, অশান্তি, ৰাসায়নিক দ্ৰব্য বিশেষকৈ ষ্টেৰ’য়ডৰ প্ৰভাৱত হয় বুলি চিকিৎসা আৰু শৰীৰ বিজ্ঞানৰ বিশেষজ্ঞ সকলে কয় । ইয়াক ভাল কৰিবলৈ প্ৰয়োজন হয় : -
১.সুষম আহাৰ নিযমিত সময়ত, নিয়মিত পৰিমাণত খাব.। সেউজীয়া শাক-পাচলি, সতেজ ফল-মূল, ঢেকিত বনা চাউলৰ ভাত, পনীয়া দাইল, মাছ আদি খাব। আটা, ময়দা, ৰিফাইন কৰা দ্ৰব্য, ভজা, মছলাযুক্ত আহাৰ , মদ, চিগাৰেট পৰিহাৰ কৰক।
২. মুখৰ যোগাসন কৰিব। ব্যায়াম কৰিব। প্ৰাণায়াম কৰিব।
৩. ভেকুৱাম ছাক্সন থেৰাপী কৰাব। কেবল প্ৰাকৃতিক দ্ৰব্যৰে ফেচিয়েল বা ছালৰ যত্ন কৰিব।
৪. পৰাপক্ষত ৰাতি১১-৪ বজাৰ ভিতৰৰ সময়চোৱাত জাগি নাথাকিব।
৫. পৰচৰ্চা, ঈৰ্ষা, ক্লেশ, খং, হতাশা আদি মানসিক অশান্তিৰ পৰা নিজক আতৰাই ৰাখিব।
৬. বহুতে লেপটপ, চেলুলাৰ ফোন আদিৰ প্ৰভাৱ থকা বুলি কয় যদিও এতিয়াও খাটাং নহয়। গৱেষণা চলি আছে।
(কোনো প্ৰশ্ন থাকিলে ৯৪৩৫০৪৬৫১৬ ত উৱাটচ আপ কৰিব পাৰে। )
Share This