শিলিখা খালে কি হয় ইয়াৰ ইয়াৰ উপকাৰী গুণসমূহ জানো আহক 

Kakali Deka November 11, 2023

ডিজিটেল ডেস্কঃ শিলিখা আমাৰ সকলোৰে এক পৰিচিত বনৌষধি ফল। শিলিখা স্বাস্থ্যৰ বাবে অতি উপকাৰী৷ শিলিখাৰ বৈজ্ঞানিক নাম টাৰমিনেলিয়া চিবুলা (Terminalia Chebula) | বহু মানুহে শুকান শিলিখা খায়ো বৰ ভাল পায়। শিলিখা কেইবা প্ৰকাৰৰো আছে। শিলিখাৰ সোৱাদ তিতা, কেঁহা আৰু মিঠা।

শিলিখাৰ উপকাৰিতা

১) শিলিখাই স্মৃতিশক্তি বৃদ্ধি কৰে।

২। ডায়েবেটিছ ৰোগ নিৰাময় কৰে৷

৩) ই শৰীৰত কলেষ্টৰেলৰ মাত্ৰা সমতুল কৰিব পাৰে।

৪) শিলিখাৰ ৰসে পাচন প্ৰণালী বিশুদ্ধ কৰি ৰাখে৷

(৫) হৃদযন্ত্ৰৰ বিভিন্ন ৰোগৰ বাবে শিলিখা লাভজনকা

৬ শিলিখাৰ পানী বহু সময় উতলাই সেই পানী সেৱন কৰিলে মুখ আৰু জিভাৰ ৰোগ নিৰ্মূল হয়৷

(৭) শিলিখাই এচিডিটি নাশ কৰে৷

(৮) আভোক ভাৱ দূৰ কৰে। -

৯) পেচাব জ্বলা-পোৰা কৰিলে শিলিখা চূর্ণ খালে নিৰাময় হয়।

(১০) ডিঙিৰ বিষ, মাত ভঙা আদিত মৌৰ লগত শিলিখাৰ গুৰি খালে ৰোগ উপশম হয়৷

১১) পাইলচ বা অৰ্শ ৰোগীয়ে দিনটোত এটাকৈ হ'লেও শিলিখা খোৱাটো অত্যন্ত দৰকাৰ, তেনে কৰিলে বহুখিনি সুফল পাব পাৰে৷

১২)আনহাতে শৌচ খোলোচা নোহোৱা, খজুৱতি, পেট ফুলা আদি ৰোগৰ বাবে শিলিখা উত্তম পথ্যা

১৩)শিলিখাই শাৰীৰিক আৰু মানসিক শক্তি বৃদ্ধিত সহায় কৰে।

১৪) শিলিখা খালে ছাল মসৃণ হয় ।

শিলিখাৰ প্ৰধান কাম হ'ল-

অনাৱশ্যক আৰু বর্জ্যা দ্ৰব্যবোৰ শৰীৰৰ পৰা নিষ্কাশন কৰি শৰীৰটোক প্ৰাকৃতিক অৱস্থাত ৰাখি ইয়াৰ সমূহ তন্ত্রকে সক্ৰিয় ৰূপত ৰক্ষা কৰা।

যি খায় তিনি শিলিখা তাৰ মানত ৰোগ টিলিকা'। এই বচনফাঁকিৰ অৰ্থ হ'ল যি নিতৌ তিনিটাকৈ শিলিখা খায় তাৰ মানত ৰোগ টিলিকা লাগি থাকে অর্থাৎ ৰোগে শৰীৰত প্ৰশ্ৰয় নাপায়।

Share This