ইউৰিক এচিডৰ সমস্যা থকা সকলে কি কি খাদ্য খাব নালাগে জানেনে?

Kakali Deka August 12, 2023

ডিজিটেল ডেস্ক:  বৰ্তমান সময়ত সাধাৰণতে দেখিবলৈ পোৱা এটা সমস্যা হৈছে ইউৰিক এচিড বৃদ্ধি। আমাৰ শৰীৰত থকা ইউৰিক এচিডৰ ৩ ভাগৰ ২ ভাগ আমাৰ লিভাৰতে উৎপন্ন হয়। বাকী ১ভাগ খাদ্যৰ পৰা উৎপন্ন হয়। যদি আমি অত্যাধিক মাত্ৰাত পিউৰিণযুক্ত খাদ্য খাও তেতিয়া আমাৰ দেহত ৰক্তৰ ঘনত্ব বৃদ্ধি হয় আৰু ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি পায়। শৰীৰত ইয়াৰ মাত্ৰা বৃদ্ধি হোৱাৰ লগে লগে বহু ধৰণৰ সমস্যা আৰম্ভ হয়। ইয়াৰ ভিতৰত ভৰিৰ বুঢ়া আঙুলিৰ পোৰণি, হাতৰ আঙুলিৰ বিষ, শৰীৰৰ গাঁঠিৰ বিষ আদি সমস্যাই দেখা দিয়ে । 

তেজ পৰীক্ষাৰ জৰিয়তে ইয়াৰ বৃদ্ধি ধৰা পেলাব পাৰি। যদি কেইবাদিনো ইয়াক আওকাণ কৰা হয়, তেন্তে ই প্ৰত্যক্ষভাৱে বৃক্কৰ কাৰ্য্যত প্ৰভাৱ পেলায়। ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি হ’লেও বৃক্কত পাথৰ হ’ব পাৰে আৰু ই নেফ্ৰ’পেথী বা বৃক্ক বিকল হোৱাৰ লক্ষণো হ’ব পাৰে। যদি আপুনি বৃদ্ধি পোৱা ইউৰিক এচিড নিয়ন্ত্ৰণ কৰিব বিচাৰে তেন্তে প্ৰথমে ইয়াৰ লক্ষণসমূহ জানিব লাগিব। ইউৰিক এচিড বৃদ্ধিত খাদ্যৰ বিশেষ যত্ন ল’ব লাগে।

ইউৰিক এচিড কাৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে
১/কেন্সাৰ ৰোগী
২/ যিসকল লোকে সময় মতে খাদ্য গ্ৰহণ নকৰে তেওঁলোকৰো ইউৰিক এচিড বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে

ইউৰিক এচিড বৃদ্ধি হ'লে কি কি  খাদ্য খাব 
১) মাছ খাব পাৰে। মূৰ্গী মাংস, কণীৰ বগা অংশ, মাখন, গাখীৰ আৰু দুগ্ধ জাতীয় খাদ্য খোৱা উচিত।
২) ৰঙা চাউল আৰু চিৰা
৩) জাতি লাও, চাল কোমোৰা, আলু, পটল, জিকা, কলপছলা, কলমৌ শাক, গাজৰ, ভেন্দি, চালগোম, মূলা
৪) নেমু, বগৰী, আমলখি, অমৰা, আনাৰস, কমলা আদি খাব পাৰে ।

কি কি খাব নালাগে 

১) গৰু, ছাগলী,গাহৰি মাংস, মাছৰ কণী আদি
২) বিভিন্ন প্ৰকাৰৰ দাইল, বীজ, মাশ্বৰোম, পালেং শাক, লেচেৰা মাহ, 
৩) আম, কঁঠাল, খেজুৰ, তাল ইত্যাদি

Share This