ৰে’লৰ পৰা সন্ধানহীন গোসাইগাঁৱৰ বাসিন্দা সুভাষ পাল; দুৰ্বৃত্তৰ কবলত পৰাৰ সন্দেহ

Rashmi June 18, 2026

ডিজিটেল ডেস্ক: গুৱাহাটীৰ পৰা ৰে’লেৰে ঘৰলৈ ওভতাৰ পথত সন্ধানহীন হৈছে গোসাইগাঁৱৰ বাসিন্দা সুভাষ পাল (৫৩) নামৰ এজন ব্যক্তি। গুৱাহাটীত অধ্যয়নৰত কন্যাক থৈ কালি সন্ধিয়া 'ব্ৰহ্মপুত্ৰ মেইল'যোগে গোসাইগাঁৱৰ নিজ গৃহলৈ বুলি ৰাওনা হোৱা সুভাষ পাল ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ পৰে। শেষবাৰৰ বাবে তেওঁ ফোনত পৰিয়ালক কোকৰাঝাৰ ৰে’ল ষ্টেচন পোৱাৰ কথা জনাইছিল, কিন্তু তাৰপিছৰে পৰা তেওঁৰ কোনো যোগাযোগ হোৱা নাই। তেওঁৰ ম’বাইল ফোনটো বন্ধ হৈ আছে।

দুষ্কৃতিকাৰীয়ে তেওঁক সংজ্ঞাহীন কৰি তেওঁৰ সকলো লুটি নিয়াৰ সন্দেহ কৰিছে পৰিয়ালে। নিশা কোকৰাঝাৰ ষ্টেচনত বিচাৰ-খোচাৰ কৰিও তেওঁৰ কোনো সন্ধান নোলোৱাত বৰ্তমান পৰিয়ালটোত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে।

যদি কোনোবাই তেওঁৰ সন্ধান পায়, অনুগ্ৰহ কৰি স্থানীয় আৰক্ষী বা পৰিয়ালৰ সৈতে যোগাযোগ কৰক।  কোনো সদাশয় ব্যক্তিয়ে তেওঁৰ কিবা খবৰ পালে বা দেখা পালে অনুগ্ৰহ কৰি অতি সোনকালে নিকটৱৰ্তী থানাত জনাবলৈ আহ্বান পৰিয়ালৰ। 

এই অন্তৰ্ধানৰ ঘটনাই এতিয়া পৰিয়ালটোৰ লগতে অঞ্চলবাসীৰ মাজত গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে।







উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This