৬ জুলাইৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন, প্রতিদিনে থাকিব প্রশ্নোত্তৰ ঘণ্টা

dainik janambhumi June 18, 2026

ডিজিটেল ডেস্ক : ২১দিনীয়া কৰ্মসূচীৰে অহা ৬ জুলাইৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত হ'ব। বিধানসভা সচিবালয়ে কাৰ্য উপদেষ্টা কমিটীৰ বৈঠকৰ পাছত বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'বলগীয়া দিনসমূহৰ সম্পূৰ্ণ কাৰ্যসূচী প্রকাশ কৰিছে। ২১ দিনৰ কাৰ্যসূচী যুগুত হ'লেও কার্যতঃ অধিৱেশন বহিব মুঠ ১৬ দিন। শনি আৰু দেওবাৰৰ বন্ধৰ উপৰি ১৬ জুলাইৰ পৰা ২১ জুলাইলৈ বিভাগীয়ভাৱে সম্পর্কিত স্থায়ী সমিতিসমূহৰ বৈঠকহে অনুষ্ঠিত হ'ব। 

কার্য উপদেষ্টা কমিটীৰ বৈঠকত গ্রহণ কৰা সিদ্ধান্ত অনুসৰি ১০ জুলাইত ৰাজ্য চৰকাৰৰ ২০২৬-২৭ বৰ্ষৰ বাৰ্ষিক বিত্তীয় প্রতিবেদন অর্থাৎ প্রাক্কলিত বাজেট উপস্থাপন কৰা হ'ব। ১৩ জুলাইৰ পৰা ১৫ জুলাইলৈকে তিনিদিন ধৰি বাজেটৰ ওপৰত সাধাৰণ আলোচনা হ'ব। ২২ আৰু ২৩ জুলাইত বাজেটত উপস্থাপন কৰা মঞ্জুৰিৰ দাবীসমূহৰ ওপৰত আলোচনা হ'ব। 

২৪ আৰু ৩১ জুলাইত নতুনকৈ নির্বাচিত হৈ অহা বিধায়কসকলৰ বাবে ৰখা নির্দিষ্ট সময়ত তেওঁলোকৰ সমষ্টিৰ সমস্যা, অভাৱ আৰু অভিযোগসমূহ উত্থাপন কৰাৰ সুবিধা লাভ কৰিব। বাজেট অধিৱেশনৰ সময়ছোৱাত প্রতিদিনে থাকিব প্রশ্নোত্তৰ কালীন ঘণ্টা।

Share This