আপুনি ভাতৰ লগত নেমু চেপি খায় নেকি? কি কয় বিশেষজ্ঞ সকলে

Kakali Deka November 18, 2023

ডিজিটেল ডেস্ক: নেমু হৈছে স্বাস্থ্যৰ বাবে উপকাৰী৷ উৎলাসযোগ শৰীৰত এণ্টি অক্সিডেণ্টৰ যোগান হিচাপে আৰু ৰোগ

প্ৰতিৰোধ ক্ষমতা বর্ধক হিচাপে নেম খোৱাৰ পৰামৰ্শ দিয়ে গৰমৰ দিনত নেমুৰ ৰস খোৱাটো অতি আৱশ্যক। পানীৰ সৈতে মিহলি কৰিয়েই হওক বা ভাতৰ লগতেই হওক, নেয় খালে শৰীৰত যথেষ্ট ভিটামিন পোৱা যায়। ভিটামিন 'চিত্ৰ উৎস হিচাপে নেমু শৰীৰৰ বাবে অতি উপকাৰী। গৰমৰ দিনত, পাতযুক্ত নেমু, গন্ধৰাজ আৰু কাগজৰ নেমুৰ চাহিদাও যথেষ্ট বৃদ্ধি হয়। কিন্তু আপুনি নেমু কেনেকৈ খাব? ভাতৰ লগত নেমু চেপি খালে শৰীৰৰ বাবে উপকাৰী নেকি? বিশেষজ্ঞসকলে কি কৈছে জানক....
যদি আপুনি দুপৰীয়া আহাৰৰ লগত নেমু খাব পাৰে। ই আপোনাৰ শৰীৰৰ বাবে যথেষ্ট উপকাৰী হিচাপে পৰিগণিত হয়৷ অৱশ্যে, কেতিয়াও গাখীৰ আৰু নেমু একলগ কৰি বা মিলাই নাখাব। ই আপোনাৰ শৰীৰৰ বাবে যথেষ্ট ক্ষতিকাৰক।

মহামাৰীৰ পাছৰে পৰাই ঘৰত নেমুৰ ব্যৱহাৰ আগৰ তুলনাত অধিক বৃদ্ধি পাইছে। কিছুমানে খাদ্যৰ সৈতে নেমু খাই আছে কিছুমানে চাহৰ সৈতে। যিহেতু দিনত এটা নেমু খোৱাৰ লাভালাভ বহুত, কিছুমান ক্ষেত্ৰত নেমুৰ অত্যধিক ব্যৱহাৰ পৰিহাৰ কৰা ভাল। যেনে বৃক্কৰ ৰোগ

নেমুত ভিটামিন চিৰ পৰিমাণ আন ফলতকৈ বহু বেছি। ইয়াৰ উপৰি নেমুত মেগনেছিয়াম, পটাছিয়াম সমৃদ্ধ থাকে। চিকিৎসকসকলে এণ্টি অক্সিডেণ্টৰ যোগান হিচাপে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বর্ধক হিচাপে নেমু খোৱাৰ পৰামৰ্শ দিয়ে।
নেমুত থকা ভিটামিন চি-ভিটামিনে শৰীৰত প্ৰৱেশ কৰা বহুতো ক্ষতিকাৰক বেক্টেৰিয়া ধ্বংস কৰিব পাৰে। গতিকে নেমুৰ ৰসে পেটৰ বিকাৰ বা ডায়েৰিয়া প্ৰতিহত কৰিবলৈ কাম কৰে। ইয়াত থকা চাইটিক এচিডেও হজম বৃদ্ধি কৰে। যদি পেট বেয়া হয়, নেমু নাখাব, ই এক ভুল

ধাৰণা।

ভিটামিন চি হৈছে পানীত দ্রবণীয় ভিটামিন সেয়েহে আপুনি পানীত নেমুৰ ৰস মহিলাই খাব পাৰে। ভাত খোৱাৰ সময়ত, বহুলোকে প্রায় সকলো ব্যঞ্জনৰ সৈতে নেয় চেপি খায় বিশেষজ্ঞসকলৰ মতে ইয়াত কোনো ক্ষতি নহয়।

Share This