ডিজিটেল ডেস্কঃ ধুনীয়াকৈ চকুৰ মেকআপ কৰিব খুজিছে, কিন্তু চেলাউৰীৰ কাষৰ নোমবোৰে সৌন্দৰ্য ম্লান কৰিছে। অলপ হাত-ভৰি ওলোৱাকৈ ড্ৰেছ পিন্ধিব খুজি থমকি ৰ’ব লগা হৈছে হাত-ভৰিৰ নোমবোৰৰ বাবে। মূৰত চুলি বেছি হ’লে ভাল লাগে কিন্তু হাত ভৰিত নোম বেছি হ’লে ভাল নালাগে ।
এনেদৰে হাত, ভৰি, বুকু, পিঠি, মুখত আৰু ডিঙিত থকা চুলিকে নোম বুলি কয়, বেছি হ’লে অতিৰিক্ত নোম বুলি কয় ( Unwanted Superfluous Hair)৷ ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি তাকেই বিশেষভাৱে আলোচনা কৰোঁ আহক।
প্ৰথম পদ্ধতি থ্ৰেডিং৷ ভাল কপাহী সূতাৰে মেৰিয়াই নোম উঘালি অনা হয় এই পদ্ধতিৰে৷ ইয়াক সহজেই কৰিব পৰা যায়। বিশেষকৈ চেলাউৰি, কপাল,গাল, ওপৰৰ ওঁঠৰ বাৰাণ্ডাৰ নোম আঁতৰাবলৈ ভাল। বিকিনি লাইনত ওৱেক্স কৰিবলৈ হট ৱেক্সৰ প্ৰয়োগ কৰা ভাল।
এতিয়া হট ৱেক্সেৰে আঁতৰাই দিব পৰা যায় এনে অতিৰিক্ত নোম। বহুতে ইয়াক ব্ৰাজিলিয়ান ৱেক্স বুলিও কয়। এনে ৱেক্সত ষ্ট্ৰাইপচ ব্যৱহাৰ নকৰে। লগাই এৰাই দিয়ে।
বহল অংশ কৰোঁতে ৱেক্সেৰে আঁতৰাই দিব পৰা যায়। ৱেক্স হট আৰু ক’ল্ড দুবিধ৷ হট ৱেক্সৰ কথা ক’লোৱেই। ক’ল্ড ৱেক্সৰ ভিতৰত লিপ'ছলিৱবল ৱেক্স কৰিবলৈ টান যদিও এই পদ্ধতি অৱলম্বন কৰিলে ছালখন ভালে থাকে, নোম গজা বন্ধ হয়। বিউটিচিয়ানৰ সুবিধাৰ বাবে আজিকালি মেচিন ওলাইছে। মেচিনটো ১০০ ডিগ্ৰী গৰম কৰি ৬০ ডিগ্ৰীলৈ উত্তাপ হ্ৰাস কৰি ল’ব। প্ৰিৱেক্স ছলিউশ্যন লগাব। ষ্ট্ৰাইপ লগাই এৰাই দিব। এই মেচিনটো আমাৰ ওচৰতেই পাব।
তাৰ উপৰি বীন ৱেক্সস কৰিও ভাল ফল পোৱা যায়। বীন ৱেক্সৰ গুটিবোৰ গৰম কৰি ৬০ ডিগ্ৰী লৈ আনি ল’ব, কাঠৰ এপ্লিকেটৰেৰে লগাব। ষ্ট্ৰাইপ লগাই এৰাই দিব। তাৰ উপৰিও আৰু বহুতো ধৰণৰ পদ্ধতি ওলাইছে, চেষ্টা কৰিব পাৰে।
ৱেক্স কৰাৰ আগতে প্ৰি ৱেক্স কৰাব। ৱেক্স কৰা হোৱাৰ পাছত পুনৰ প’ষ্ট ৱেক্স ট্ৰিটমেণ্ট কৰাব। ই অত্যন্ত প্ৰয়োজনীয়।
(আজিৰ লেখাটো পঢ়ি কেনে পালে জনাবচোন, ভাল লাগে feedback পালে। অইন কোনো প্ৰশ্ন থাকিলেও ৯৪৩৫০৪৬৫১৬ ত হোৱাটছএপ কৰি জনাব পাৰে।)