ডিজিটেল ডেস্কঃ মগজুৱে নিজাববীয়াকৈ বেয়া স্মৃতিবোৰ মচি পেলাব পাৰে! এক গৱেষণাত এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে। ইয়ৰ্ক বিশ্ববিদ্যালয়ৰ লগতে অন্যান্য প্ৰতিষ্ঠানৰ বিজ্ঞানীসকলে এক অধ্যয়নত বিচাৰি উলিয়াইছে যে এজন ব্যক্তিয়ে জানি-বুজি নিজৰ মনৰ পৰা কিছুমান কথা মচি পেলাব পাৰে। এই সমগ্ৰ প্ৰক্ৰিয়াটো ৱৰ্কিং মেম’ৰীত সংঘটিত হয়। অৰ্থাৎ আমি কিবা এটা কম সময়ৰ বাবে মনত ৰখাৰ বাবে ব্যৱহাৰ কৰা স্মৃতি।
মগজুৱে কেনেকৈ কাম কৰে?
কিবা এটা পাহৰিবলৈ চেষ্টা কৰিলে মগজুৱে সেই বস্তুটোৰ লগত জড়িত সকলো তথ্য দমন কৰি পেলায়। সহজ ভাষাত বুজিবলৈ হ’লে কম্পিউটাৰৰ ফাইল এটা মচি পেলোৱাৰ দৰেই হয়। সেই স্মৃতি সম্পূৰ্ণৰূপে নাইকিয়া নহয়, কিন্তু সেই স্মৃতিয়ে আপোনাৰ জীৱনত একো প্ৰভাৱ নেপেলোৱাৰ নিচিনা হৈ পৰে।
অধ্যয়নত কি কৰা হৈছিল?
বিজ্ঞানীসকলে ৩০ জন লোকক কিছু কথা মনত ৰাখিবলৈ আৰু তাৰ পিছত পাহৰি যাবলৈ কয়। ইয়াৰ পিছত তেওঁলোকৰ সকলোৰে মগজুৰ কাৰ্যকলাপ লিপিবদ্ধ কৰা হৈছিল। মগজুৱে কেনেদৰে কাম কৰি আছে চাবলৈ ই ই জি নামৰ কৌশলেৰে এই কথা জুখিছিল। তেওঁলোকে দেখিলে যে মানুহে যেতিয়া কিবা এটা পাহৰিবলৈ চেষ্টা কৰে তেতিয়া মগজুটো তাৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ থাকে।
গৱেষণা কিয় গুৰুত্বপূৰ্ণ?
মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত এই গৱেষণা অতি গুৰুত্বপূৰ্ণ। মগজুৱে বেয়া স্মৃতি আঁতৰায়, মাথোঁ তাৰ বাবে মানুহৰ ধৈৰ্যৰ প্ৰয়োজন। এই কথা বুজি পালেই আপুনি হতাশা, উদ্বেগ আৰু বেয়া চিন্তাৰ সৈতে মোকাবিলা কৰাৰ সাহস বিচাৰি পাব।
উৎস প্ৰাগ নিউজ ডিজিটেল