মমোৰ লগত মেয়নেজ নাখাব! নহ’লে এই ৫ টা বেমাৰত ভুগিব

Kakali Deka August 13, 2023

ডিজিটেল ডেস্ক:  ফাষ্টফুড হয়তো সকলোৱে খাই ভাল পায়। তাৰ ভিতৰত হয়তো বহুতৰে প্ৰিয় মমো। মমোৰ লগত মেয়নেজ লগাই খোৱাৰ অভ্যাসো বহুতৰ থাকে৷ কিন্তু সাৱধান! এই অভ্যাসে জন্ম দিব পাৰে বহু ৰোগৰ। যদি আপুনি বেছিকৈ মেয়নেজ খোৱাত অভ্যস্ত, তেন্তে এতিয়াৰে পৰা কমকৈ খাবলৈ আৰম্ভ কৰক। ই বহু সমস্যাৰ সৃষ্টি কৰিব পাৰে। যেনে যকৃতৰ সমস্যা ,মেদবহুলতা, উচ্চ ৰক্তচাপ সমস্যা ইত্যাদি। এনে ক্ষেত্ৰত মেয়নেজ সীমিত পৰিমাণত সেৱন কৰিব লাগে। মেয়নেজ সেৱনৰ ফলত কি কি স্বাস্থ্যজনিত বিপদ হয় জানি লওক-

১. হৃদৰোগৰ আশংকা

মেয়নেজ সেৱন কৰিলে হৃদৰোগৰ আশংকা থাকে। এক চামুচ মেয়নেজত প্ৰায় ১.৬ গ্ৰাম চেচুৰেটেড ফেট থাকে, যাৰ ফলত ৰক্তচাপ আৰু হৃদৰোগ হ’ব পাৰে।

২. ৰক্তচাপৰ সমস্যা

অত্যধিক পৰিমাণৰ মেয়নেজ খালে উচ্চ ৰক্তচাপৰ সমস্যা হ’ব পাৰে। এনে পৰিস্থিতিত হাৰ্ট এটেক আৰু ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়৷ সেইবাবেই সীমিত পৰিমাণত মেয়নেজ সেৱন কৰিব লাগে।

৩. আপোনাৰ ওজন বৃদ্ধি হ’ব পাৰে

অত্যধিক পৰিমাণৰ মেয়নেজ সেৱন কৰিলে অতি দ্ৰুতগতিত বৃদ্ধি পাব আপোনাৰ ওজন । আচলতে মেয়নেজত কেল’ৰীৰ পৰিমাণ অতি বেছি। এনে পৰিস্থিতিত ইয়াক সেৱন কৰিলে আপোনাৰ শৰীৰত অতিৰিক্ত কেল’ৰী জমা হ’ব পাৰে।
শৰীৰত অতিৰিক্ত কেল’ৰী জমা হোৱাৰ বাবে আপোনাৰ ওজন অতি দ্ৰুতগতিত বৃদ্ধি পাব৷ ইয়াৰ উপৰি চৰ্বীত মেয়নেজৰ পৰিমাণো অতি বেছি থাকে, যাৰ ফলত আপোনাৰ ওজন বৃদ্ধি পাব পাৰে।

৪. ব্লাড চুগাৰ বা মধুমেহ সমস্যা

বেছিকৈ মেয়নেজ সেৱনৰ ফলত আপোনাৰ তেজত চেনিৰ পৰিমাণ বৃদ্ধি পাব পাৰে। এনে পৰিস্থিতিত ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়। শৰীৰত ব্লাড চুগাৰৰ সমস্যাৰ বাবে আন বহু ধৰণৰ সমস্যা হ’ব পাৰে। সেইবাবে পৰাপক্ষত মেয়নেজ পৰিহাৰ কৰক 

৫. বাতবিষৰ আশংকা

মেয়নেজ বেছিকৈ সেৱন কৰিলে বাতবিষৰ আশংকা থাকে। আচলতে ইয়াত প্ৰচুৰ পৰিমাণে ওমেগা-৬ ফেটি এচিড থাকে, যাৰ বাবে ইয়াক সেৱন কৰিলে শৰীৰত বাতবিষৰ দৰে অটোইম্যুন ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। 
স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক হ’ব পাৰে মেয়নেজ৷ গতিকে অতিৰিক্তভাৱে সেৱন নকৰিব। আৰু যদিহে ইতিমধ্যে আপোনাৰ কোনো ধৰণৰ সমস্যা হৈছে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ লওক।


বি:দ্ৰ: এই প্ৰতিবেদন কেৱল ইন্টাৰনেটত উপলব্ধ তথ্যৰ উপৰত ভিত্তি কৰি সাধাৰণ জ্ঞান প্ৰদানৰ বাবেহে দিয়া হৈছে

Share This