MENU

বিদেশী ৰাষ্ট্ৰলৈ সাহায্য বন্ধ কৰিলে আমেৰিকাই, ক্ষতিগ্ৰস্ত হ'ব পাৰে ভাৰতো

Dainik janambhumi January 30, 2025

ডিজিটেল ডেস্ক: ড'নাল্ড ট্রাম্পে দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতিৰূপে কাৰ্যভাৰগ্ৰহণ কৰাৰ পাছত আমেৰিকাই আগবঢ়োৱা আর্থিক সাহায্য বন্ধ কৰি দিয়াৰ ফলত বিশ্বৰ বিভিন্ন দেশত ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমেৰিকাৰ বিদেশ মন্ত্ৰ্যালয়ে জাৰি কৰা এটা নিৰ্দেশত কোৱা হৈছে যে কেৱল মানৱীয় আৰু খাদ্য কাৰ্যসূচীৰ লগতে ইজৰাইল তথা ইজিপ্তলৈ সামৰিক সাহায্য অব্যাহত ৰখা হ'ব।

মন্ত্র্যালয়ে জাৰি কৰা এই নির্দেশৰ পাছত সমগ্ৰ বিশ্বতে স্বাস্থ্য, শিক্ষা, বিকাশ, সংস্থাপনৰ প্ৰশিক্ষণ আৰু আন কাৰ্যসূচীকে ধৰি অসংখ্য আঁচনি বন্ধ হৈ পৰাৰ আশংকাৰ সৃষ্টি হৈছে। আমেৰিকাই এই বিদেশী আঁচনিসমূহৰ বাবে সৰ্বাধিক পৰিমাণৰ আৰ্থিক সাহায্য আগবঢ়াই আহিছিল। 

ট্রাম্পে আমেৰিকাৰ স্বাৰ্থৰ অনুকূল নহয় বুলি গণ্য কৰা কাৰ্যসূচীসমূহৰ বাবে অর্থনৈতিক সাহায্য বন্ধ কৰাৰ ই আৰম্ভণি বুলি কোৱা হৈছে। বিশ্বৰ বিভিন্ন দেশত থকা দূতাৱাসসমূহলৈ বিদেশ বিভাগে এই নির্দেশ প্ৰেৰণ কৰি নতুন চৰকাৰী ব্যয়ত নিষেধাজ্ঞা আৰোপ কৰিছে। ট্রাম্প প্রশাসনে এই সাহায্য আঁচনিসমূহ ৯০ দিনৰ বাবে বন্ধ কৰি দিয়ে। এই আঁচনিসমূহে আমেৰিকাৰ স্বাৰ্থ পূৰণ কৰিছে নে নাই সেইটো পর্যালোচনা কৰি চোৱাৰ পাছত বিদেশী সাহায্যৰ সম্পৰ্কত সিদ্ধান্ত লোৱা হ'ব। মন কৰিবলগীয়া যে ভাৰতৰ তিনিখন চুবুৰীয়া ৰাষ্ট্ৰ ক্ৰমে বাংলাদেশ, পাকিস্তান আৰু নেপাললৈও আমেৰিকাই সাহায্য বন্ধ কৰি দিয়ে। 

ইয়াৰ ফলত এই দেশ তিনিখন সংকটৰ সন্মুখীন হোৱাৰ আশংকা কৰা হৈছে। ইউনাইটেড ষ্টেটছ এজেঞ্চি ফৰ ইণ্টাৰনেশ্যনেল ডেভেলপমেণ্টৰ (ইউ এছ এ আই ডি) জৰিয়তে আমেৰিকাই বাংলাদেশলৈ ৪০.১ কোটি ডলাৰ আৰু পাকিস্তানলৈ ২৩.২ কোটি ডলাৰ সাহায্য আগবঢ়াই আহিছে। ইফালে আমেৰিকাৰ বিদেশ বিভাগৰ এই নির্দেশে ভাৰতকো প্ৰভাৱিত কৰাৰ আশংকা কৰা হৈছে। 

শেহতীয়া এই নির্দেশে ভাৰতলৈ আমেৰিকাই ইউ এছ এ আই ডিৰ অধীনত আগবঢ়োৱা পুঁজিত কেনেধৰণৰ প্ৰভাৱ পেলাব পাৰে তাক লৈ নতুন দিল্লীত থকা আমেৰিকান দূতাৱাসে পর্যালোচনা আৰম্ভ কৰিছে। ইউ এছ এ আই ডিৰ অধীনত ভাৰতত কেইবা দশক ধৰি চলি থকা পৰিৱেশ, স্বাস্থ্য আৰু আন তেনেধৰণৰ কাৰ্যসূচীত ই প্ৰভাৱ পেলাব পাৰে। এই সম্পর্কত ভাৰতত থকা আমেৰিকাৰ দূতাৱাসৰ এজন মুখপাত্রই কয়, 'আমাৰ বৰ্তমান অনুদান শেহতীয়া নির্দেশৰ সৈতে খাপ খাইছে নে নাই সেইটো আমি পর্যালোচনা কৰি আছোঁ।' ভাৰতলৈ আমেৰিকাৰ অনুদান বন্ধ হ'লে মাতৃ-মৃত্যু প্ৰতিৰোধ কৰা আৰু টি বি প্ৰতিৰোধৰ দৰে কাৰ্যসূচীত প্ৰভাৱ পেলাব।

Share This