১৮ জুলাইত গুৱাহাটীত বর্ণাঢ্য অনুষ্ঠান, স্নেহলতা দাস, ডাঃ দীনেশ গোস্বামী, সঞ্জীৱ কুমাৰ ফুকনলৈ 'ডি পি আৰ চি বঁটা'

dainik janambhumi July 12, 2026

ডিজিটেল ডেস্ক : কামৰূপী লোকগীতৰ বিশিষ্ট কণ্ঠশিল্পী স্নেহলতা দাস, প্রশমনমূলক চিকিৎসাৰ বিশিষ্ট চিকিৎসক দীনেশ গোস্বামী আৰু বিশিষ্ট সাংবাদিক তথা 'দৈনিক জনমভূমি' কাকতৰ মুখ্য সম্পাদক সঞ্জীৱ কুমাৰ ফুকনলৈ আগবঢ়োৱা হৈছে ২০২৬ বৰ্ষৰ 'ডি পি আৰ চি বঁটা'। 

ডি পি আৰ চিয়ে প্রতি বছৰে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যখনৰ সংবাদ, চিকিৎসা আৰু কলা-সংস্কৃতিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তিনিগৰাকীকৈ ব্যক্তিক 'ডি পি আৰ চি বঁটা' প্রদান কৰি আহিছে। এই বঁটা প্ৰদানৰ বাবে গঠিত নির্বাচক মণ্ডলীয়ে কৰা বাছনিৰ ভিত্তিত ২০২৬ বৰ্ষৰ ডি পি আৰ চি কলা-সংস্কৃতি বঁটা কামৰূপী লোকগীতৰ বিশিষ্ট কণ্ঠশিল্পী স্নেহলতা দাস, ডি পি আৰ চি চিকিৎসা সেৱা বঁটা প্রশমনমূলক চিকিৎসাৰ বিশিষ্ট চিকিৎসক ডাঃ দীনেশ গোস্বামী আৰু ডি পি আৰ চি সাংবাদিকতা বঁটা বিশিষ্ট সাংবাদিক সঞ্জীৱ কুমাৰ ফুকনলৈ আগবঢ়োৱা হৈছে। 

অহা ১৮ জুলাইত দিছপুৰস্থিত লোকনির্মাণ বিভাগৰ অধিৱেশন আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত সন্ধিয়া ৬-৩০ৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগা ডি পি আৰ চি প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ'ব। এই অনুষ্ঠানতে ঋতুপর্ণ দাসৰ সম্পাদনাত প্রকাশিত ডি পি আৰ চিৰ বার্ষিক মুখপত্র 'ফিনিক্স' উন্মোচন কৰাৰ লগতে কেইবাগৰাকী শিল্পীয়ে গীত-নৃত্যৰ অনুষ্ঠান পৰিৱেশন কৰিব। অনুষ্ঠানটিলৈ সকলো শুভাকাংক্ষীকে ডি পি আৰ চিৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া ঋতুপর্ণা দত্তই সাদৰেৰে আমন্ত্রণ জনাইছে। 

উল্লেখযোগ্য যে, উত্তৰ-পূবৰ ভিতৰতে প্রথম অত্যাধুনিক সা-সঁজুলিৰে ৰাষ্ট্ৰীয় মানৰ ফিজিঅ'থেৰাপি সেৱা আগবঢ়োৱা স্বেচ্ছাসেৱী সংস্থা আঁচলৰ অধীনস্থ প্রতিষ্ঠান দিগন্তজ ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, চমুকৈ ডি পি আৰ চিয়ে যোৱা ৮ জুলাইত সফলতাৰে প্ৰতিষ্ঠাৰ চৈধ্যটা বছৰ সম্পূৰ্ণ কৰিছে। ইয়াৰ লগে লগে ডি পি আৰ চি, বৰপেটা কেন্দ্ৰই সম্পূৰ্ণ কৰিছে প্ৰতিষ্ঠাৰ অষ্টম বছৰ। চতুৰ্দশ বর্ষপূর্তি উপলক্ষে ডি পি আৰ চিয়ে 'বহনক্ষম উন্নয়নৰ বাবে মহিলা আৰু শিশুৰ ক্ষেত্ৰত বিনিয়োগ' শীর্ষক এখনি ৰাষ্ট্ৰীয় মানৰ আলচ-সত্ৰৰো আয়োজন কৰিছে। এই আলচ-সত্রত গেংটকস্থিত ছিক্কিম মণিপাল ফিজিঅ' থেৰাপি কলেজৰ অধ্যক্ষ প্রফেছৰ নিকিতা যোশী আৰু অসমৰ বিশিষ্ট শিশু-বিশেষজ্ঞ ডাঃ নিবেদিতা গোস্বামীয়ে বক্তৃতা প্রদান কৰিব আৰু মত-বিনিময়ত অংশগ্রহণ কৰিব। তদুপৰি 'ডি পি আৰ চি'ৰ অন্যতম পৰামৰ্শদাতা তথা অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতিত চেমনীয়াসকলৰ মাজত শিল্পীগৰাকীৰ গীতৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। বিজয়ী প্রতিযোগীক এবছৰৰ বাবে সংগীত-শিক্ষাৰ জলপানি পুৰস্কাৰ হিচাপে আগবঢ়োৱা হ'ব। 

লক্ষণীয়ভাৱে ২০১২ চনৰ ৮ জুলাইত যাত্ৰা আৰম্ভ কৰি ডি পি আৰ চিয়ে যোৱা চৈধ্য বছৰে এতিয়ালৈকে ত্রিশ সহস্রাধিক লোকক উন্নত ফিজিঅ'থেৰাপি চিকিৎসা সেৱা আগবঢ়াই সুস্থিৰ আৰু শান্তিৰ জীৱন যাপনত সহযোগিতাৰ হাত আগবঢ়াই আহিছে। একেদৰে গুৱাহাটী আৰু বৰপেটা- দুয়োটা কেন্দ্রতে সাংবাদিক-সংবাদকর্মীক ৰেহাই মূল্যত আৰু দাৰিদ্র্য সীমাৰেখাৰ তলৰ লোকসকলক বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়োৱা, বছৰৰ বিভিন্ন সময়ত ৰাজ্যৰ বিভিন্ন স্থানত স্বাস্থ্য পৰীক্ষা শিবিৰ আদি অনুষ্ঠিত কৰি আহিছে। ডি পি আৰ চিয়ে বাধাগ্রস্ত শিশুসকলৰ চিকিৎসাৰ বাবে ডি চি আৰ এছ নামৰ ভগ্নী-প্রতিষ্ঠানো আৰম্ভ কৰিছিল, যি ডি পি আৰ চিৰ লগতে প্ৰতিষ্ঠাৰ চৈধ্যটা বছৰ সম্পূৰ্ণ কৰিছে।

Share This