সূৰ্যমুখী অভিযানত জড়িত হোৱাৰ গৌৰৱ যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰী ড°ঐশ্বন্যা শৰ্মাৰ

Jyoti Borah September 01, 2023

ডিজিটেল ডেস্ক: ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো) চন্দ্ৰযান-৩ৰ সফল উৎক্ষেপনৰ পিছত এইবাৰ পৰৱৰ্তী অভিযানৰ বাবেও সাজো হৈছে । আদিত্য এল১ যানৰ জড়িয়তে ইছৰোই আৰম্ভ কৰিব সূৰ্যৰ বিষয়ে অধ্যয়ন। এয়া হ'ব প্রথম সূর্য আধাৰিত ভাৰতীয় অভিযান । ইছৰোৰ মহাকাশযানখন পৃথিৱীৰ পৰা প্ৰায় ১.৫ নিযুত কিলোমিটাৰ দূৰত থকা সূৰ্যৰ পৰা কিছু নিলগলৈ প্ৰেৰণ কৰা হ'ব।

ইছৰ'ৰ সূৰ্য অভিযানত ভাগ ল'ব আদিত্য এল। যান খনে। আদিত্য এল১ যান ইতিমধ্যে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ উৎক্ষেপণ পেডত উৎক্ষেপণৰ বাবে সাজু কৰি তোলা হৈছে । চন্দ্রযান ৩ অভিযানৰ সফলতাৰ পিছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই যোৱা  ১৪ দিনৰ ভিতৰত দেশৰ প্ৰথমটো সূৰ্য অভিযান আদিত্য এল১ উৎক্ষেপন কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে৷ 
 কাইলৈ মহাকাশলৈ সূৰ্য্য অভিমুখে উৎক্ষেপন কৰিব লগীয়া আদিত্য এল-১ ৰ লগত জড়িত আছে যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰী। সূৰ্য্যৰ জটিল প্ৰক্ৰিয়াবিলাক অধ্যয়ন কৰিবলৈ প্ৰেৰণ কৰিবলগীয়া আদিত্যৰ কাৰ্য্যক্রমণিকাৰ এটা গুৰুত্বপূৰ্ণ বিষয়ত নেতৃত্ব ল'বৰ বাবে যুটীয়া অনুসন্ধানকাৰী বিজ্ঞানী হিচাপে  নিযুক্ত কৰা হৈছে যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ড°ঐশ্বন্যা শৰ্মাক। আদিত্য এল-১ ত সংলগ্ন দূৰবীক্ষণ যন্ত্ৰ সংক্ষেপে SUIT (Solar Ultraviolet Imaging Telescope)  এ সংগ্ৰহ কৰি পঠিয়াব লগীয়া তথ্যৰ পৰা সূৰ্য্যৰ আলোকমণ্ডল আৰু বৰ্ণমণ্ডলত স্থিত তৰংগ আৰু কম্পনৰ  বিষয়ে তেওঁ অধ্যয়ন কৰিব।ড° শৰ্মাই ২০১৫ চনৰ পৰা আদিত্যত সংলগ্ন সাতটা যন্ত্ৰৰ অন্যতম যন্ত্ৰ SUIT ৰ মুখ্য অনুসন্ধানকাৰী বিজ্ঞানী তথা পুনেত অৱস্থিত জ্যোতি পদাৰ্থ বিজ্ঞানৰ গৱেষণা প্ৰতিষ্ঠান IUCAA ৰ জ্যেষ্ঠ বিজ্ঞানী প্ৰফেছৰ দূর্গেশ ত্ৰিপাঠীৰ লগত বৰ্তমানেও কৰ্মৰত।
 

Share This