ফাণ্ডামেণ্টেল ফিজিক্সৰ 'ব্রেকথ্র' প্রাইজ' অর্জন, 'অস্কাৰ অব্ ছায়েন্স'ৰে উজলিল টিহুৰ অধ্যাপক ড° অতনু নাথ

dainik janambhumi April 25, 2026

ডিজিটেল ডেস্ক: অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই টিহু মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° অতনু নাথে মৌলিক পদার্থ বিজ্ঞানত (ফাণ্ডামেন্টেল ফিজিক্স) লাভ কৰিছে ২০২৬ চনৰ 'ব্রেকথ্র' প্রাইজ।' এই বঁটাক 'অস্কাৰ অব ছায়েন্স' (বিজ্ঞানৰ অস্কাৰ) আখ্যা দিয়া হয়। 

পাৰমাণৱিক গৱেষণাৰ ইউৰোপীয় সংস্থা চার্ন, আমেৰিকাৰ শক্তি বিভাগৰ ৰাষ্ট্ৰীয় পৰীক্ষাগাৰ ফ্ৰকহেভেন নেশ্যনেল লেবৰেটৰী আৰু আমেৰিকাৰ ইলিনয়ত থকা দেশখনৰ পদার্থ বিজ্ঞানৰ অগ্ৰণী পৰীক্ষাগাৰ ফার্মিলেবত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰে কৰা মিউঅন জি ২-ৰ পৰীক্ষাত দেখুওৱা সফলতাৰ বাবে বিশ্বৰ ৩৭৬ জন গৱেষকলৈ স্বীকৃতি আৰু সন্মানস্বৰূপে এই বঁটা আগবঢ়োৱা হৈছে। এই সন্মান লাভ কৰাসকলৰ ভিতৰত নাথৰ সৈতে ভাৰতৰ আন ১১ জন গৱেষকো আছে। কিন্তু ভাৰতীয় সন্মান প্রাপকসকলৰ ভিতৰত বৰ্তমান অতনু নাথহে ভাৰতৰ বাসিন্দা তথা কৰ্মৰত। 

উল্লেখযোগ্য যে টিহু মহাবিদ্যালয়ৰ পদার্থ বিজ্ঞানৰ সহকাৰী অধ্যাপক ড° অতনু নাথে বিজ্ঞানৰ অস্কাৰ বঁটা বুলি অভিহিত ২০২৬ চনৰ মৌলিক পদার্থ বিজ্ঞানৰ ব্রেকথ্র' বঁটা লাভ কৰিছে। প্রায় ১১জন ভাৰতীয়কে ধৰি বিশ্বৰ ৩৭৬গৰাকী বিজ্ঞানীৰ সৈতে তেওঁ এই সন্মান লাভ কৰিছে। তাৎপৰ্যপূৰ্ণভাৱে তেওঁ উত্তৰ-পূব ভাৰতৰ প্ৰথম আৰু একমাত্র বিজ্ঞানী, যিয়ে মৌলিক পদার্থ বিজ্ঞানৰ ব্ৰেক বঁটাৰে সন্মানিত হৈছে। এই বছৰ এই বঁটা আৰ এন ব্রুকহেভেন নেশ্যনেল লেবৰেটৰী (বি এন এল) আৰু ফার্মিলেবৰ মিউঅ'ন জি-২ গৱেষণা কাৰ্যসূচীক প্ৰদান কৰা হৈছে। এই বঁটাক বিজ্ঞানৰ অন্যতম উচ্চ সম্মান হিচাপে গণ্য কৰা হয় আৰু ইয়াক 'বিজ্ঞানৰ অস্কাৰ' বুলি অভিহিত কৰা হয়। বৰাক উপত্যকাৰ হাইলাকান্দি জিলাৰ লালাবজাৰত ড° অতনু নাথৰ ঘৰ আৰু তেওঁ বর্তমান নলবাৰী জিলাৰ টিহু মহাবিদ্যালয়ত পদার্থ বিজ্ঞানৰ সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত। তেওঁৰ এই কৃতিত্বই তেওঁৰ জন্মস্থানৰ লগতে সমগ্ৰ অঞ্চলটোৰ শৈক্ষিক আৰু গৱেষণা জগতলৈ গৌৰৱ আৰু আনন্দ কঢ়িয়াই আনিছে। 

লালাবজাৰৰ অৱসৰপ্ৰাপ্ত শিক্ষক বীৰেন্দ্ৰ কুমাৰ নাথ আৰু অৱসৰপ্ৰাপ্ত শিক্ষয়িত্রী বিনতা ৰাণী নাথৰ দ্বিতীয় পুত্র অতনু। ড° নাথৰ এই স্বীকৃতি অসম আৰু উত্তৰ-পূব ভাৰতৰ শৈক্ষিক সমাজৰ বাবে গুৰুত্বপূৰ্ণ হিচাপে গণ্য কৰা হৈছে। ড° নাথে শিলচৰৰ গুৰুচৰণ মহাবিদ্যালয় (বর্তমান বিশ্ববিদ্যালয়) ত স্নাতক পৰ্যায়ৰ অধ্যয়ন সম্পূৰ্ণ কৰে। পিছলৈ তেওঁ কলকাতাৰ এছ এন ব'ছ নেশ্যনেল চেণ্টাৰ ফৰ বেছিক ছায়েন্সৰ পৰা স্নাতকোত্তৰ ডিগ্রী লাভ কৰে আৰু মুম্বাইৰ টাটা ইনষ্টিটিউট অব্ ফাণ্ডামেন্টেল ৰিছাৰ্চ (টি আই এফ আৰ)ত উচ্চ পৰ্যায়ৰ অধ্যয়ন কৰে। ২০১৩ চনত তেওঁ ইটালিৰ নেপলছ ফেডেৰিকো দ্বিতীয় বিশ্ববিদ্যালয়ত ডক্টৰেট ডিগ্ৰীৰ গৱেষণাৰ বাবে যোগদান কৰে। ২০১৬ চনত তেওঁ পি এইচ ডি লাভ কৰে। ইয়াৰ পাছত তেওঁ অধ্যাপিকা মিচেল ইয়াকোভাচিৰ মিউঅ'ন জি-২ পৰীক্ষাগাৰত প্ৰথমে অতিথি গৱেষক হিচাপে আৰু পিছলৈ ২০১৭ চনত প'ষ্ট ডক্টৰেট ফেল' হিচাপে যোগদান কৰে। এই কামৰ জৰিয়তে তেওঁ ফার্মিলেবৰ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ অংশ হৈ পৰিছিল আৰু ২০২০ চনলৈকে এই পৰীক্ষাৰ সৈতে জড়িত হৈ আছিল। প্রকল্পটোৰ ভিতৰতে তেওঁ লেজাৰ মানাংকন ব্যৱস্থাৰ কাম কৰিছিল। 

২০২০ চনত আমেৰিকাৰ পৰা উভতি অহাৰ পাছত তেওঁ আই আই টি গুৱাহাটীত প'ষ্ট ডক্টৰেট গৱেষক হিচাপে যোগদান কৰে। তাত তেওঁ হাই এনার্জী পদার্থ বিজ্ঞান পৰীক্ষাগাৰত কাম কৰাৰ লগতে ফার্মিলেবৰ পৰীক্ষাত অৰিহণা যোগাইছিল। একে সময়ছোৱাতে তেওঁ শিলচৰভিত্তিক গৱেষণা পদক্ষেপ চেণ্টাৰ অব এডভান্সড ষ্টাডিজ এণ্ড ইনোভেশ্যন লেবৰ মূল সদস্যও হৈছিল। ২০২২ চনত ড° নাথে টিহু কলেজত সহকাৰী অধ্যাপক হিচাপে যোগদান কৰে। 

শনিবাৰে কেলিফৰ্নিয়াৰ চাল্টা মনিকাস্থিত বাৰ্কাৰ হেংগাৰত অনুষ্ঠিত বঁটা প্রদান অনুষ্ঠানত ব্রুকহেভেন নেশ্যনেল লেবৰেটৰীৰ অন্তৰ্ৱর্তীকালীন সঞ্চালক জন হিল, ফার্মিলেবৰ পদার্থবিজ্ঞানী ক্রীছ পলি, বষ্টন বিশ্ববিদ্যালয়ৰ পদার্থ বিজ্ঞানী লি ৰবাৰ্টছ, ফার্মিলেবৰ সঞ্চালক এমেৰিটাছ ইয়ং-কি কিম, চি ই আৰ এনৰ সঞ্চালকপ্রধান মার্ক থমছন, ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ পদার্থ বিজ্ঞানী মার্ক থমছনে তিনিটা পৰীক্ষাৰ সকলো বিজ্ঞানীৰ হৈ এই বঁটা গ্রহণ কৰে। উল্লেখ কৰিব পাৰি যে ব্রেকথ্র' প্রাইজ ফাউণ্ডেশ্যনে ২০১২ চনত এই বঁটা আৰম্ভ কৰিছিল। 

পৰিৱৰ্তনশীল আৱিষ্কাৰ আৰু মৌলিক গৱেষণাক সন্মান জনাই প্রতিষ্ঠা কৰা এই পুৰস্কাৰৰ মুঠ মূল্য ৩০ লাখ মার্কিন ডলাৰ আৰু ইয়াক বিজ্ঞানৰ অন্যতম স্বীকৃতি হিচাপে গণ্য কৰা হয়। টিহু কলেজৰ সহকাৰী অধ্যাপক হাইলাকান্দি নিৱাসী ড° অতনু নাথক তেওঁৰ কৃতিত্বৰ বাবে অভিনন্দন জনাইছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে। লগতে টিহু মহাবিদ্যালয়, টিহু আঞ্চলিক ছাত্র সন্থাকে ধৰি বিভিন্ন অনুষ্ঠান আৰু সংগঠনে অধ্যাপকগৰাকীক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে।

Share This