ট্ৰেক্টৰত উঠি নামনি মাজুলীৰ খহনীয়া পৰিদৰ্শন ড° পীতাম্বৰ দেৱ গোস্বামীৰ

dainik janambhumi July 10, 2026

ডিজিটেল ডেস্ক : ট্রেক্টৰত উঠিয়েই কালি নামনি মাজুলীৰ ভয়ংকৰ খহনীয়াগ্রস্ত অঞ্চল পৰিদৰ্শন কৰে আউনীআটী সত্ৰৰ অধিকাৰ ড° পীতাম্বৰ দেৱ দেৱ গোস্বামীয়ে। বান আৰু খহনীয়াৰ কবলত দিশহাৰা হৈ পৰা ৰাইজৰ কাষত থিয় দিয়াৰ উদ্দেশ্যে কালি তেওঁ ট্রেক্টৰত উঠি কৰ্দৈগুৰি, মহৰিচুক, চাৰিঘৰীয়া আৰু শেষত ভকতচাপৰিৰ পদুমণি অঞ্চলত উপস্থিত হৈ ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ আগ্রাসনৰ বাস্তৱ চিত্ৰ স্বচক্ষে পৰ্যবেক্ষণ কৰে। ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰতিদিনে চপৰা চপৰকৈ মাটি খহি পৰা, কৃষিভূমি নদীগর্ভত বিলীন হোৱা আৰু বাসগৃহলৈকে ভাবুকি কঢ়িয়াই অনা পৰিস্থিতি দেখি গভীৰ উদ্বেগ প্রকাশ কৰে কৰে সত্ৰাধিকাৰগৰাকীয়ে। খহনীয়াৰ কাষতে উপস্থিত হৈ স্থানীয় লোকসকলৰ সৈতে মত-বিনিময় কৰাৰ লগতে ক্ষতিগ্রস্ত পৰিয়ালসমূহৰ দুখ-দুর্দশাৰ বুজ লয়। 

খহনীয়া পৰিদৰ্শনৰ সময়ত সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীয়ে কয়, 'মই ৰাইজৰ বাবে উৎসর্গিত। গতিকে ৰাইজৰ জীৱনতকৈ মোৰ জীৱন ডাঙৰ নহয়। লণ্ডনলৈ উৰাজাহাজেৰে গৈছিলোঁ, কিন্তু আজি এই ট্ৰেক্টৰত উঠি খহনীয়াৰ কাষলৈ আহিছোঁ। ইয়াত আহি মই কোনো ভয় অনুভৱ কৰা নাই, বৰঞ্চ ৰাইজৰ কাষত থিয় দিব পাৰি মানসিক সন্তুষ্টি লাভ কৰিছোঁ। যেতিয়া দেখিছোঁ মানুহে নিজৰ ঘৰ, মাটি, খেতিপথাৰ, জীৱিকাৰ উৎস ব্ৰহ্মপুত্ৰৰ বুকুত হেৰুৱাইছে, তেতিয়া নীৰৱে বহি থকাটো মোৰ পক্ষে সম্ভৱ নহয়'। তেওঁ আৰু কয় যে এই মাটি কেৱল মানুহৰ সম্পত্তি নহয়, এয়া মাজুলীৰ অস্তিত্ব, অসমৰ ঐতিহ্য আৰু ভৱিষ্যৎ। চৰকাৰে এই সমস্যাক সাধাৰণ সমস্যা বুলি নাচাব লাগে। যুদ্ধকালীন তৎপৰতাৰে স্থায়ী বিজ্ঞানসন্মত ব্যৱস্থা গ্রহণ কৰি নামনি মাজুলীক ৰক্ষা কৰিব লাগিব। প্রয়োজন হ'লে শৈলস্পাৰ, মেগা জিঅ'টিউব বা যি ব্যৱস্থা ফলপ্রসূ হয়, সেয়া অবিলম্বে ৰূপায়ণ কৰিব লাগে। মাজুলী ৰক্ষা কৰাটো কেৱল চৰকাৰৰ দায়িত্ব নহয়, আমাৰ সকলোৰে নৈতিক দায়িত্ব বুলি তেওঁ উল্লেখ কৰে। তেওঁ আৰু কয় যে বছৰৰ পাছত বছৰ ধৰি হাজাৰ কোটি টকাৰ আঁচনি ৰূপায়ণ হোৱাৰ পাছতো যদি খহনীয়া একেই গতিত চলি থাকে, তেন্তে সেই আঁচনিসমূহৰ ফলপ্ৰসূতা পুনৰ মূল্যায়ন কৰাৰ সময় আহি পৰিছে। স্থানীয় ৰাইজৰ জীৱন-সম্পত্তি সুৰক্ষিত কৰাটো এতিয়া আটাইতকৈ জৰুৰী বুলি তেওঁ মন্তব্য কৰে। ইফালে, খহনীয়াৰ ভয়াৱহতা প্রত্যক্ষ কৰাৰ পাছতে খহনীয়া স্থানৰ পৰাই মাজুলী সমষ্টিৰ বিধায়ক ভুৱন গামলৈ ফ'ন কৰে সত্ৰাধিকাৰগৰাকীয়ে। তেওঁ বিধায়কক পৰিস্থিতিৰ ভয়াৱহতাৰ বিষয়ে অৱগত কৰাৰ লগতে জৰুৰীভাৱে চৰকাৰ আৰু সংশ্লিষ্ট বিভাগৰ জৰিয়তে খহনীয়া প্ৰতিৰোধৰ স্থায়ী ব্যৱস্থা গ্ৰহণৰ বাবে পদক্ষেপ ল'বলৈ আহ্বান জনায়। বিশেষকৈ কৰ্দৈগুৰি, মহৰিচুক, চাৰিঘৰীয়া আৰু পদুমণি অঞ্চলত অতি শীঘ্রে শক্তিশালী শৈলস্পাৰ আৰু মেগা জিঅ'টিউব স্থাপনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। 

উল্লেখযোগ্য যে বিগত দুমাহ ধৰি নামনি মাজুলীৰ মহৰিচুক-চাৰিঘৰীয়া, কৰ্দৈগুৰি, ভকতচাপৰিৰ পদুমণি আদি অঞ্চলত ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া অব্যাহত আছে। প্রতিদিনে কৃষিভূমি নদীগৰ্ভত বিলীন হোৱাৰ লগতে বহু গাঁৱলৈ ভয়ংকৰ ভাবুকি সৃষ্টি হৈছে। স্থানীয় ৰাইজে ইতিমধ্যে ব্ৰহ্মপুত্ৰ ব'ৰ্ড আৰু জলসম্পদ বিভাগৰ বিৰুদ্ধে তীব্র ক্ষোভ প্রকাশ কৰাৰ লগতে বিজ্ঞানসন্মত স্থায়ী খহনীয়া প্ৰতিৰোধী ব্যৱস্থা গ্রহণৰ দাবী জনাই আহিছে। দিনজোৰা পৰিদৰ্শনৰ অন্তত সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীয়ে পদুমণি অঞ্চলত উপস্থিত হৈ খহনীয়াৰ শেহতীয়া পৰিস্থিতিৰ বুজ লয় আৰু স্থানীয় লোকসকলক সাহস যোগোৱাৰ লগতে মাজুলীৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত সকলো পক্ষই একেলগে আগবাঢ়ি অহাৰ আহ্বান জনায়। তেওঁৰ এই ব্যতিক্রমী ট্ৰেক্টৰ যাত্ৰাৰে খহনীয়াগ্ৰস্ত ৰাইজৰ কাষত উপস্থিত হৈ দিয়া দৃঢ় বার্তাই নামনি মাজুলীৰ দুৰ্যোগপীড়িত ৰাইজৰ মাজত নতুন আশাৰ সঞ্চাৰ কৰিছে।

Share This