শিৱসাগৰৰ কে পি এম হলত জিলা ছাত্ৰ সন্থাৰ অনুষ্ঠান, ড° পীতাম্বৰ দেৱগোস্বামীক 'সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বঁটা' প্রদান

dainik janambhumi May 01, 2026

ডিজিটেল ডেস্ক: সাহিত্যৰ যিমানবিলাক ভাগ আছে, সকলোতে লক্ষ্মীনাথ বেজবৰুৱাই হাত দিছে। সেয়ে তেওঁ সব্যসাচী। তেওঁ স্বাধীনতা সংগ্রামত আনৰ দৰে পোনে পোনে ওলাই অহা নাছিল। কিন্তু অন্তৰৰ সমৰ্থন আছিল। কিন্তু তেৰাই ভাবিছিল যে ৰাজনৈতিকভাৱে স্বাধীনতাত যদি বাধা পৰে, মানুহৰ জন্মস্বত্বৰ অধিকাৰ খৰ্ব হ'ব পাৰে। কিন্তু সাংস্কৃতিক স্বাধীনতাত যদি বাধা আহে, তেতিয়া হ'লে আত্মাটোক ঢাকি ৰাখিব। সেয়ে লক্ষ্মীনাথ বেজবৰুৱাই সংস্কৃতিৰ ওপৰত, সাহিত্যৰ ওপৰত অত্যধিক গুৰুত্ব দি তেৰাই সেই সেৱাত মনোযোগ দিছিল। যাৰ কাৰণে বিভিন্ন সাহিত্য সম্পদ ৰচনা হৈছিল।'

সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই ২০২২ বৰ্ষৰ পৰা প্ৰদান কৰি অহা সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বঁটা গ্রহণ কৰি কালি আউনীআটী সত্ৰৰ অধিকাৰ, বৈষ্ণৱ পণ্ডিত ড° পীতাম্বৰ দেৱগোস্বামীয়ে এনেদৰে কয়।শিৱসাগৰ কালীপ্রসাদ সোঁৱৰণী ভৱনত আয়োজিত অনুষ্ঠানত তেওঁ লগতে কয় যে লক্ষ্মীনাথ বেজবৰুৱাই পোন প্রথমে সাহিত্যৰ ক্ষেত্ৰখনত ৰসৰ সম্ভাৰেৰে সাহিত্যৰ সৃষ্টি কৰিছিল, যাৰ কাৰণে তেৰাক ৰসৰাজ বুলি কোৱা হৈছিল। সঁচাকৈয়ে ৰসৰাজ বেজবৰুৱা সাহিত্যৰ ৰথী। অসমীয়া সাহিত্যৰ সেই সোণসেৰীয়া আৰু সেন্দুৰীয়া বাট যদি আৰম্ভ কৰি নিদিলেহেঁতেন, তেন্তে সাহিত্যৰ এই সম্ভাৰ বুটলিবলৈ সক্ষম নহ'লোঁহেঁতেন। তেওঁ ৰসেৰে সকলোকে আপ্লুত কৰিছিল যদিও তেৰা কেৱল ৰস-ৰচনাতে আবদ্ধ নাছিল। তেওঁৰ ৰস-ৰচনা বুলি কোৱাৰ লগে লগে বুঢ়ী আইৰ সাধু, টেটোন তামুলী, চিকৰপতি নিকৰপতিৰ কথা ক'ব লাগিব। তাৰ মাজতে তেৰাই তত্ত্ব সাধনাও কৰিছিল বুলি মন্তব্য কৰে। 

আনহাতে, তেওঁলৈ এই সন্মান আগবঢ়োৱাৰ বাবে সদৌ অসম ছাত্র সন্থাক ধন্যবাদ জ্ঞাপন কৰি 'আছু'ক 'অসমীয়া জাতিৰ অতন্দ্ৰ প্ৰহৰী' আখ্যা দিয়ে বৈষ্ণৱ পণ্ডিতগৰাকীয়ে। তেওঁলোকে দিবা-ৰাত্ৰি অহর্নিশে জাতিটোৰ কাৰণে তদাৰকী কাম কৰি আহিছে বুলি মত প্রকাশ কৰে সত্ৰাধিকাৰগৰাকীয়ে। 

ইফালে ইয়াৰ পূৰ্বে 'আছু'ৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে বক্তব্যত কয় যে লক্ষ্মীনাথ বেজবৰুৱাই জাতিটোক শক্তিশালী কৰি তুলিবলৈ যি প্রয়াস কৰিছিল, যি নিজৰ চিন্তাৰে নিজৰ লেখাৰে জাতিটোৰ বাবে চিন্তা কৰিছিল, তেওঁক আমি অনাদি-অনন্ত কালৰ বাবে জীয়াই ৰাখিব লাগিব। আনহাতে, সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি মানৱ হাজৰিকাই আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানটোৰ আঁত ধৰে সাধাৰণ সম্পাদক দীপাংকৰ শইকীয়াই। অনুষ্ঠানৰ প্ৰথমেই অনুধৃতি মহন্তৰ পৰিচালনাত ৰাগ ৰাগিনী সংগীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এটি বৰগীত পৰিৱেশন কৰে। 

গাম্ভীর্যপূর্ণ অনুষ্ঠানটোত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ আজোনাতি বোৱাৰী অৰুন্ধতী বেজবৰুৱা, 'আছু'ৰ সাংস্কৃতিক সম্পাদক বিতোপন শর্মা, বিশিষ্ট সাংস্কৃতিক কর্মী মাখন চন্দ্ৰ বৰা, দ্বিজেন গগৈ, লেখক প্রেম গগৈ, লেখিকা দীপালী ভট্টাচাৰ্য বৰুৱা, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সৌমাৰজ্যোতি মহন্ত, শিৱসাগৰ ছোৱালী কলেজৰ অধ্যক্ষ ড° প্রতীম শৰ্মাৰ লগতে শিৱসাগৰৰ বহুকেইগৰাকী বিশিষ্ট শিক্ষাবিদ, সামাজিক-সাংস্কৃতিক কর্মী আৰু আছু কর্মীসকল উপস্থিত থাকে।

Share This