ডিজিটেল ডেস্ক: কালি এ এম টেলিভিছনৰ চি এম ডি ড° সঞ্জীৱ নাৰায়ণ আৰু অধ্যক্ষ ডাঃ অক্ষতা নাৰায়ণে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক সাক্ষাৎ কৰি বিজেপিৰ ঐতিহাসিক জয়ৰ বাবে শুভেচ্ছা আৰু অভিনন্দন জনায়।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক অসমৰ ইতিহাসৰ অন্যতম সফল আৰু উদ্যোগী মুখ্যমন্ত্রী আখ্যা দি ড° সঞ্জীৱ নাৰায়ণে কয় যে তেওঁ কেৱল উন্নয়নৰ প্ৰতিশ্ৰুতি নিদিয়ে, সৰ্বস্তৰৰ মানুহে প্রকৃতার্থত উন্নয়নক উপলব্ধি কৰিব পাৰে।
ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহে অসমৰ লাখ লাখ জনতাক স্পৰ্শ কৰিলে বুলি উল্লেখ কৰি ড° নাৰায়ণে কয় যে তেওঁৰ বলিষ্ঠ নেতৃত্বই বিনিয়োগকাৰীক উৎসাহিত কৰি অসমৰ ব্যাৱসায়িক ক্ষেত্ৰখনো সমৃদ্ধ কৰিলে। এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি সঞ্জীৱ নাৰায়ণে কয় যে চৰকাৰত এনেধৰণৰ সুস্থিৰতাই চৰকাৰখনক দীর্ঘকালীন সিদ্ধান্ত লোৱাত আৰু দ্রুতগতিত ইয়াক কাৰ্যকৰী কৰি অধিক বিকাশৰ পথ মুকলি কৰে।