ডিজিটেল ডেস্ক: ১০ মে'ৰ দিনা দিনৰ বাৰ বজাত এন ডি এৰ এটা দলে ৰাজ্যপালক সাক্ষাৎ কৰি অসমত চৰকাৰ গঠনৰ বাবে অনুমতি দিবলৈ অনুৰোধ জনাব। কালি এই কথা প্রকাশ কৰিছে ড° হিমন্ত বিশ্ব শর্মাই।
সাংবাদিকৰ আগত তেওঁ শপতগ্ৰহণৰ সবিশেষ অৱগত কৰি কয় যে কেন্দ্ৰীয় পৰ্যৱেক্ষকৰ উপস্থিতিত অহা ১০ মে'ত বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকতে বিজেপি বিধায়িনী দলৰ নেতা নির্বাচিত কৰা হ'ব। ইয়াৰ পাছত দিনৰ ১১ বজাত মিত্ৰ দলৰ সৈতে, অর্থাৎ এন ডি এৰ এখন বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত নির্বাচিত কৰা হ'ব এন ডি এৰ নেতা। ইয়াৰ পাছত দিনৰ ১২ বজাত ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ অনুমতিৰ আৱেদন দাখিল কৰা হ'ব।'
ড° শৰ্মাই লগতে প্রকাশ কৰা মতে, ১২ মে'ৰ দিনা ১১ বজাত নতুন চৰকাৰে শপত ল'ব। এই অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহ, দলৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, বহুকেইগৰাকী কেন্দ্ৰীয় মন্ত্রী, এন ডি এৰ চৰকাৰ থকা প্ৰায় ২০খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলৰ লগতে কেইবাজনো উদ্যোগপতি উপস্থিত থাকিব। ইয়াৰ উপৰি, ৰাজ্যৰ কেইবাখনো সত্ৰৰ অধিকাৰসকলৰ লগতে বিজেপি আৰু অগপৰ বুথ কমিটীৰ সভাপতি আৰু পঞ্চায়তৰ প্ৰতিনিধিসকলকো এই অনুষ্ঠানলৈ নিমন্ত্রণ জনোৱা হৈছে।
প্রণিধানযোগ্য যে ঐতিহাসিক বিজয়ৰ পাছত একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে অসমত চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে বিজেপি নেতৃত্বাধীন এন ডি এ। বিৰোধীক ধৰাশায়ী কৰি একক সংখ্যাগৰিষ্ঠতাৰে ৰাজ্যৰ শাসনভাৰ লোৱাৰ বিশাল প্রস্তুতি চলাইছে গেৰুৱা দলটোৱে। সেই অনুসৰি গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত বিশাল শপতগ্রহণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
সম্প্রতি যুদ্ধকালীন তৎপৰতা চলিছে খানাপাৰাৰ খেলপথাৰত। সাজু কৰা হৈছে বিশাল মণ্ডপ। দিনে-নিশাই বনুৱাই কাম কৰি আছে খেলপথাৰখনত। সমগ্ৰ খানাপাৰা অঞ্চলটোক নতুনকৈ সজাই তোলা হৈছে। সমান্তৰালকৈ নিঃছিদ্ৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। বিশেকৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ লগতে দেশৰ বিভিন্ন ক্ষেত্ৰৰ গণ্য-মান্য ব্যক্তিসকল উপস্থিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্র খানাপাৰাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে।
কালি খানাপাৰা খেলপথাৰত এছ পি জিৰ লোক উপস্থিত হৈ নিৰাপত্তাৰ সমগ্ৰ দিশ তদাৰক কৰে। খেলপথাৰৰ চাৰিওকাষে বেৰিকেটো দিয়া হৈছে। শপতগ্রহণ অনুষ্ঠানৰ বাবে একপ্ৰকাৰ খানাপাৰা খেলপথাৰখন অভেদ্য দুৰ্গলৈ পৰিণত হৈছে।