নৌ সেনাৰ ৰণতৰি ‘বিন্ধ্যগিৰি’ উন্মোচন কৰিলে দ্ৰৌপদী মুৰ্মুৱে

Kakali Deka August 18, 2023

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আজি ইয়াৰ হুগলী নদীৰ ঘাটত ভাৰতীয় নৌ সেনাৰ বাবে
নিৰ্মাণ কৰা ‘বিন্ধ্যগিৰি’ নামৰ ষ্টীল্‌থ ফ্ৰিগেটখন [গুপ্ত ৰণতৰি] উন্মোচন কৰে৷ কলকাতাৰ গাৰ্ডেন ৰীচ্ছ
শ্বিপয়াৰ্ডে থলুৱাভাৱে এই জাহাজখন নিৰ্মাণ কৰাটো জাহাজ নিৰ্মাণত ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰতীক বুলি
ৰাষ্ট্ৰপতিয়ে অভিহিত কৰে৷ তেওঁ লগতে কয় যে এই এডফান্সড ফ্ৰিগেটখন আত্মনিৰ্ভৰ ভাৰতৰ আৰু দেশখনে
লাভ কৰা প্ৰযুক্তিগত অগ্ৰসৰতাৰ এটা প্ৰতীক৷ ৰাষ্ট্ৰপতিয়ে কয়, ‘বিন্ধ্যগিৰি’ৰ উদ্বোধনীত উপস্থিত থাকিবলৈ
পাই মই আনন্দিত৷ ই সমুদ্ৰত ভাৰতৰ যুদ্ধ সক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত এটা খোজ৷’ পশ্চিম বংগৰ ৰাজ্যপাল চি
ভি আনন্দ বসু আৰু মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীও অনুষ্ঠানত উপস্থিত আছিল৷ এইখন হ’ল ভাৰতীয় নৌ সেনাৰ
বাবে ‘প্ৰজেক্ট ১৭ আলফা’ৰ অধীনত নিৰ্মাণ কৰা সাতখন জাহাজৰ ষষ্ঠখন৷ প্ৰথম পাঁচখন জাহাজ ২০১৯-
২০২২ চনৰ ভিতৰত নৌ সেনাত চামিল কৰা হৈছিল৷ আনহাতে, উল্লিখিত প্ৰকল্পৰ অধীনত এইখন গাৰ্ডেন
ৰীচ্ছ শ্বিপয়াৰ্ডে নিৰ্মাণ কৰা তৃতীয় আৰু শেহতীয়া গুপ্ত ৰণতৰি৷ থলুৱাভাৱে নিৰ্মাণ কৰা অত্যাধুনিক
‘বিন্ধ্যগিৰি’ক পাছত ভাৰতীয় নৌ সেনালৈ হস্তান্তৰ কৰা হ’ব৷ এই ৰণতৰিবোৰ ১৪৯ মিটাৰ দীঘল৷
কৰ্ণাটকৰ এটা পৰ্বতৰ নামেৰে নামকৰণ কৰা একে নামৰ এখন ৰণতৰি [আই এন এছ বিন্ধ্যগিৰি] পুৰণা
হোৱাৰ কাৰণে এই নতুন ৰণতৰিখন নিৰ্মাণ কৰা হয়৷ পূৰ্বৰখনে ৩১ বছৰ সেৱা আগবঢ়ালে৷

Share This