মাটিৰ কলহত থোৱা পানী খাওক আৰু শৰীৰ শীতল কৰক

Kakali Deka August 31, 2023

ডিজিটেল ডেস্কঃ মানুহে গৰমৰ দিনত মাটিৰ কলহত থোৱা পানী খোৱাৰ অভ্যাস বহু পুৰণি৷
ফ্ৰীজতথা বিভিন্ন ধৰণৰ সামগ্ৰী বজাৰলৈ অহাৰ পাছত আমাৰ মাজৰ পৰা এই অভ্যাস প্ৰায়
নোহোৱা হৈ পৰিল৷ কিন্তু মাটিৰ কলহত থোৱা পানী খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী৷

ইয়াৰ পৰা বহুতো ফল লাভ কৰিব পাৰি৷ মাটিৰ কলহত থোৱা পানীত খাদ্যপ্ৰাণ আৰু খনিজ থাকে বুলি কোৱা হয়৷
মাটিৰ কলহে পানী বিশুদ্ধ কৰাতো সহায় কৰে৷ ইফালে মাটিৰ কলহত থোৱাৰ পাছত পানীত ভিটামিনৰ
উপৰি কেলচিয়াম, মেগনেচিয়াম আৰু পটাচিয়ামৰ মাত্ৰা কিছু পৰিমাণে বৃদ্ধি পায়৷ ইয়াৰ লগতে শৰীৰক
অক্সিডেশ্যনৰ পৰা ৰক্ষা কৰা এণ্টিঅক্সিডেণ্টৰ মাত্ৰাও বৃদ্ধি পায় বুলি কোৱা হৈছে৷ ইয়াৰ ফলত
মাটিৰ কলহত থোৱা পানী খালে পাচন প্ৰক্ৰিয়াও শক্তিশালী হয়৷ আনহাতে মাটিৰ কলহত থোৱা পানী
শীতল হয় আৰু সেয়েহে শৰীৰ শীতল কৰি ৰখাতো সহায় কৰে৷
 

Share This