প্লাষ্টিক বটলৰ পানী খালে উচ্চ ৰক্তচাপ বাঢ়ে

Dainik Janambhumi August 07, 2024

টেপৰ পানী উতলাই খাবলৈ গৱেষকৰ পৰামৰ্শ

ডিজিটেল ডেস্কঃ আমাৰ গ্ৰহটোক ভালেমান বস্তুৱে প্ৰদূষিত কৰিছে। সেইবোৰৰ ভিতৰত এটা হ'ল মাই ক্র'প্লাষ্টিক্ছ। আমাৰ খাদ্য আৰু পানীৰ অধিকাংশত পোৱা প্লাষ্টিকৰ সৰু সৰু কণাক মাইক্র'প্লাষ্টিক বুলি কোৱা হয়।

মানুহৰ বাবে এই প্ৰদূষকবোৰক অতি ক্ষতিকাৰক বুলি গণ্য কৰা হয়। এইবোৰে আমাৰ স্বাস্থ্যত বিৰূপ প্রভাৱ পেলায়। মাইক্ৰ'প্লাষ্টিক্‌ নামৰ এখন আলোচনীত প্রকাশিত এটা অধ্যয়ন মতে, প্লাষ্টিকৰ বটলৰ পৰা পানী খালে  ৰক্তচাপ বাঢ়িব পাৰে। প্লাষ্টিকৰ বটলৰ পৰা মাইক্র'প্লাষ্টিক তেজত প্ৰৱেশ কৰে আৰু তাৰ ফলত ৰক্তচাপ বাঢ়িব পাৰে।

নিউয়ক প'ষ্টত এই কথা প্রকাশ পাইছে।মাইক্ৰ'প্লাষ্টিকৰ কাৰণে হৃৎপিণ্ডৰ অসুখ,হৰমনৰ অসমতা আৰু আনকি কৰ্কট ৰোগো হ'ব পাৰে বুলি আগতেই কোৱা হৈছিল। নতুন অধ্যয়নটো চলাইছিল অষ্ট্ৰিয়াৰ ডানিয়ুব প্রাইভেট ইউনিভাৰ্ছিটিৰ মেডিচিন (শৰীৰতত্ত্ব) বিভাগে আৰু মাইক্র'প্লাষ্টিক নামৰ আলোচনীখনত প্রকাশ হৈছে। তাৰ গৱেষকসকলৰ দলে এদল লোকক লৈ এটা গৱেষণা চলাইছিল।

তেওঁলোকক প্লাষ্টিকৰ বটলত নথকা পানীয়/ৰস খাবলৈ দিয়া হৈছিল আৰু তেওঁলোকৰ ৰক্তচাপ যথেষ্ট কমি যোৱাটো প্রমাণ হৈছিল। প্ৰথমবাৰৰ বাবে এনেকুৱা পৰীক্ষা চলোৱা হৈছিল। কেইবছৰমানৰ আগতে বিজ্ঞানীসকলে প্রমাণ পাইছিল যে প্রতি সপ্তাহে মানুহৰ দেহৰ ৰক্ত প্ৰৱাহত ৫ গ্রাম মাইক্ৰ'প্লাষ্টিকে প্ৰৱেশ কৰে- প্লাষ্টিক/পেকেজড বটলত থোৱা পানীয় খোৱাৰ বাবে।

দেহত মাই ক্ৰ'প্লাষ্টিকৰ প্ৰৱেশ প্ৰতিৰোধ কৰিবলৈ গৱেষকসকলে দিয়া উপায়বোৰৰ ভিতৰত অন্যতম হ'ল টেপৰ পানী উতলাই ফিল্টাৰ কৰি খোৱা। তেনে কৰিলে মাইক্ৰ'প্লাষ্টিক আৰু নেন'প্লাষ্টিকৰ উপস্থিতি প্রায় ৯০ শতাংশ কমি যাব।

Share This