ডিজিটেল ডেস্ক : অসমক বিশ্বৰ সৈতে সংযোগৰ নতুন দিগন্তৰ সূচনাৰ কথা সামাজিক মাধ্যমযোগে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। ইউৰোপীয় ইউনিয়নৰ ভ্ৰমণ নিষেধাজ্ঞা প্রত্যাহাৰৰ পাছতে এই ভাল খবৰটো দিলে মুখ্যমন্ত্রীয়ে।
অহা ৪ আগষ্টৰ পৰা আৰম্ভ হ'ব নতুন বিমান সেৱা। এয়াৰ ইণ্ডিয়াই চলাব এই বিশেষ বিমানসমূহ। গুৱাহাটীৰ পৰা ডুবাই-আবু ধাবিলৈ অবিৰতভাৱে এই বিমান সেৱাৰ সুবিধা থাকিব। গুৱাহাটী বিমান বন্দৰে চাৰিখন দেশৰ সৈতে সংযোজিত হৈছে। ইউনাইটেড আৰব এমিৰেটছ (ইউ এ ই), থাইলেণ্ড আৰু ছিংগাপুৰ আৰু ভূটানৰ সৈতে গঢ়ি উঠিল পোনপটীয়া সংযোগ।
মুখ্যমন্ত্রী ড° শর্মাই ভিয়েটনামলৈ পোনপটীয়া বিমান চলাচলৰ লক্ষ্য থকাৰ কথাও উল্লেখ কৰে। অসম এতিয়া দক্ষিণ-পূব এছিয়া ডাঙৰ ট্রেনজিট হাব হ'ব আৰু অসমৰ পৰ্যটন খণ্ডৰ বাবে ই এক ডাঙৰ সুযোগ বুলি সামাজিক মাধ্যমত এই কথা সদৰী কৰে মুখ্যমন্ত্ৰীয়ে।