সহজে দূৰ কৰক ঘৰৰ পৰা এই ৫ টা ঘৰুৱা পদ্ধতিৰে পঁইতাচোৰা! 

Kakali Deka August 17, 2023

ডিজিটেল ডেস্কঃ পাকঘৰটো পইতাচোৰাৰ বাবে প্ৰিয় ঠাই। পৃথিৱীৰ ভিতৰত পঁইতাচোৰাও এটা লেতেৰা প্ৰজাতিৰ প্ৰাণী। পঁইতাচোৰাই বেক্টেৰিয়া আৰু বীজাণু বিয়পাই আমাক অসুস্থ কৰি তোলে। বজাৰত ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ বিভিন্ন ধৰণৰ ঔষধ উপলব্ধ আছে। কিন্তু এই ঔষধ সমূহে আমাৰ শৰীৰৰ কাৰণেও ক্ষতিকাৰক সেয়ে আজি আমি ঘৰুৱা পাঁচটা প্ৰাকৃতিক উপায়ৰ বিষয়ে লৈ আহিছো যিবোৰ ব্যৱহাৰ কৰি আমি পঁইতাচোৰাৰ পৰা আমি মুক্তি পাব পাৰো।

১.তেজ পাত
তেজ পাত কিছুমান পিহি লওক । তাৰ পিছত পাকঘৰত পঁইতাচোৰাবোৰে লুকাই থকা ঠাইবোৰত ছটিয়াই দিব । তেজ পাতৰ সুগন্ধিয়ে আপোনাৰ ঘৰৰ পৰা পঁইতাচোৰা দূৰ কৰিব 

২. কফি
কফিৰ গোন্ধটো হৈছে পইতাচোৰাৰ শত্ৰু। মোটাকৈ পিহি লোৱা কফিৰ গোন্ধ আৰু ইয়াত থকা কেফেইনৰ দৰে মৌলবোৰে পঁইতাচোৰাৰ বাবে লাহে লাহে বিষৰ কাম কৰে। যাৰ বাবে পঁইতাচোৰাই ইয়াৰ গোন্ধ সহিব নোৱাৰি আঁতৰি যায় ।
কফি খিনি মোটাকৈ পিহি কাপোৰেৰে মেৰিয়াই সৰু সৰু টুকুৰা কৰি লওঁক। তাৰ পিছত এই টুকুৰাবোৰ পাকঘৰৰ চুকে কোনে লুকুৱাই ৰাখক । দেখিব আপোনাৰ পাকঘৰত পঁইতাচোৰা নোহোৱা হৈছে ।

৩.বৰিক পাউডাৰ আৰু চেনী 
কফিৰ দৰে বৰিক পাউদাৰেও পঁইতাচোৰাৰ বাবে লাহে লাহে বিষৰ কাম কৰে। বৰিক পাউদাৰ আৰু চেনি একেলগে ৰাখিলে চেনিৰ মিঠাই পঁইতাচোৰাবোৰে আকৰ্ষিত হৈ সেৱন কৰে। তাৰ ফলতে পঁইতাচোৰাৰ মৃত্যু হয়

৪.নিম পাত
কপাহৰ গুটি কিছুমান লৈ লওক তাৰ পিছত নিম তেলত ডুবাই পঁইতাচোৰা দেখা পোৱা ঠাইত ৰাখক। ইয়াৰ উপৰিও নিম পাউদাৰেৰে নিজে ঘৰুৱা পঁইতাচোৰা মাৰিবলৈ স্প্ৰে প্ৰস্তুত কৰিব পাৰে। ইয়াৰ বাবে এচামুচ নিম পাউদাৰ গৰম পানীত মিহলাই লওক। ৰাতি পঁইতাচোৰাৰ লুকাই থকা ঠাইবোৰত স্প্ৰে’ কৰি দিয়ক তাৰ পিছত দেখিব আপুনি ইয়াৰ ফলাফল 

৫.কাপোৰৰ কোমলকাৰী
কাপোৰৰ কোমলকাৰীৰ গোন্ধে পঁইতাচোৰাৰ উশাহ লোৱাত অসুবিধাৰ সৃষ্টি কৰে। দুকাপ পানী মিহলাই তিনিটা সৰু কাপ কাপোৰৰ চফ্টনাৰত মিহলাই লওক। এই দ্ৰৱটো স্প্ৰে বটলত ঢালি ভালদৰে জোকাৰি লওক। ইয়াৰ পিছত পঁইতাচোৰা থকা ঠাইবোৰত ছটিয়াই দিয়ক, কম দিনৰ ভিতৰত আপুনি ভাল ফলাফল লাভ কৰিব

Share This