গুৱাহাটীত পূব হিমালয় প্রকৃতিবিজ্ঞান মঞ্চ-২০২৫ আৰম্ভ, বিশ্বৰ ১৭খন দেশৰ ডেৰশ বিশিষ্ট বক্তাৰ অংশগ্রহণ

dainik janambhumi December 11, 2025

ডিজিটেল ডেস্ক: তৃতীয় মেৰু আৰু হিম সাগৰৰ ভৱিষ্যৎ বিষয়ক লৈ দেশৰ অগ্ৰণী প্রাকৃতিক সংস্থা বালিপৰা ফাউণ্ডেশ্যনৰ উদ্যোগত কালিৰে পৰা গুৱাহাটীৰ চাৰিখন উচ্চ শিক্ষাৰ প্রতিষ্ঠান ক্রমে গুৱাহাটী বিশ্ববিদ্যালয়, আই আই টি গুৱাহাটী, কটন বিশ্ববিদ্যালয় আৰু অসম ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ত ১৩ সংখ্যক বার্ষিক আন্তর্জাতিক অধিৱেশন 'পূব হিমালয় প্রকৃতিবিজ্ঞান মঞ্চ-২০২৫' আৰম্ভ হৈছে। 

দুদিনীয়া এই আলোচনা-চক্রত আই আই টি গুৱাহাটীত 'পানী আৰু শক্তি' বিষয়ত মনোজ্ঞ আলোচনা কৰা হয়। সঞ্চালক দেৱেন্দ্ৰ জালিহালে মুকলি কৰা উদ্বোধনী অনুষ্ঠানত অতিথিৰূপে উপস্থিত থাকে বালিপৰা ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক তথা ৰাজ্যৰ বিশিষ্ট উদ্যোগী ৰঞ্জিত বৰঠাকুৰ, টাটা পাৱাৰৰ চি ই অ' প্ৰবীৰ সিন্‌হা, তেজপুৰ বিশ্ববিদ্যালয়ৰ চুমি সন্দিকৈ, নুমলীগড় শোধনাগাৰৰ ভাস্কৰজ্যোতি ফুকন, জে এছ ডব্লিউৰ জ্যোতিপ্রকাশ পাণ্ডা। 

প্রথম দিনাৰ আলোচনাত জলবায়ু পৰিৱৰ্তনত বৰফৰ প্ৰতি অহা ভাবুকি তথা ক্লিন এনার্জি আৰু জল সংৰক্ষণৰ উপায়ৰ বিষয়ে বিশেষজ্ঞসকলে আলোচনা কৰে। ৰঞ্জিত বৰঠাকুৰে ফাউণ্ডেশ্যনৰ লক্ষ্য আৰু ভৱিষ্যতৰ কাৰ্যপ্ৰণালীৰ বিষয়ে অৱগত কৰি 'ক্লিন ব্ৰহ্মপুত্র' মিছন আৰম্ভ কৰাৰ কথা নিজৰ ভাষণত ব্যক্ত কৰে। ইফালে, কটন বিশ্ববিদ্যালয়ত হোৱা বনাঞ্চল আৰু জৈৱ-বৈচিত্র্য বিষয়ক আলোচনাৰ উদ্বোধনী অনুষ্ঠানত অংশ লয় মন্ত্রী কেশৱ মহন্ত, উপাচাৰ্য ৰমেশ চন্দ্র ডেকাই।

কালিৰ আলোচনাত অংশগ্ৰহণ কৰে টাটা ষ্টীলৰ প্ৰাক্তন বিষয়া চাণক্য চৌধুৰী, ৰোহিণী মুখার্জী, শৈলেশ নায়ক, অঞ্জলি মাখিজা, একলব্য শৰ্মা, অৰুণ পান্ধি, নাবাৰ্ডৰ লোকেন দাস, লণ্ডনৰ শিক্ষাবিদ ৰিচাৰ্ড মিলবৰ্ণ, বানু হাৰালু, ইন্দ্ৰাণী গুপ্তা, জে এছ ডব্লিউৰ ৰূপা ডাবানে, শান্তিমংগলা কেচুচাৰ, শৰত চন্দ্ৰ দাস, প্রদ্যুৎ ভট্টাচার্য, অমিয় শর্মাই। ইফালে, উপাচার্য ননী গোপাল মহন্তই আদৰণী ভাষণ দিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত বিশেষজ্ঞসকলে আলোচনা কৰে। ভূমিক পুনৰ উৎপানদশীল কৰি ব্যৱহাৰৰ পদ্ধতি তথা জলবায়ুৰ লগত মিলাকৈ কৃষিৰ গুৰুত্বৰ ওপৰত। অনুষ্ঠানত অতিথিৰূপে উপস্থিত থাকে টাটা ষ্টীলৰ চি ই অ' সৌৰভ ৰয়, টেৰিৰ মহাপ্ৰবন্ধক বিভা ধাৱান, ভূটানৰ প্ৰাক্তন ৰাষ্ট্রদূত কাছাং বাংদি।

আনহাতে, আলোচনাত অংশ লয় প্রাক্তন সেনা বিষয়া অৰুণ কুমাৰ, মেঘালয়ৰ ৰনজিত সিং গিল, ছিকিমৰ সুজাতা উপাধ্যায়, টেৰীৰ নৱ গোস্বামী, প্ৰদূষণ ব'ৰ্ডৰ অধ্যক্ষ অৰূপ মিশ্ৰই। ইফালে, অসম ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ত হোৱা প্ৰথম দিনাৰ আলোচনা-চক্ৰ মুকলি কৰে ভাৰতত থকা নৰৱেৰ ৰাষ্ট্ৰদূত মে এলিন ষ্টেনাৰে। অতিথিৰূপে উপস্থিত থাকে টাটাৰ সঞ্চালক ডি বি সুন্দৰ ৰমন। বহনক্ষমতা আৰু সামাজিক উদ্যোগীকৰণৰ ওপৰত হোৱা আলোচনাত অংশ লয় অসম চৰকাৰৰ মুখ্য সচিব ৰবি কোটা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোণালী ঘোষ, প্রাক্তন আৰক্ষী সঞ্চালক কুলধৰ শইকীয়া, ৰাজস্থান ৰয়েলছৰ আলোকচিত্ৰ আৰু অভিজিত সিং, কোকা-কোলাৰ সঞ্চালক ৰাজেশ আয়াপিলাছ, বালিপৰা ফাউণ্ডেশ্যনৰ নীতু কলিতা, গুগল্ এছিয়াৰ ষ্টেনছাৰ লৱ, টাটা পাৱাৰৰ আশিস মিশ্র, হিমাল তিৱাৰী, ভি এম এলৰ ববিতা বৰুৱাই। 

উল্লেখযোগ্য যে এইবাৰৰ অধিৱেশনত ভাৰতসহ ১৭খন দেশৰ প্ৰায় ১৫০গৰাকী বিশিষ্ট বক্তাই বিশ্ববিদ্যালয়ৰ প্ৰায় এহেজাৰ শিক্ষাৰ্থীৰ লগত পূব হিমালয়ৰ ভৱিষ্যতক লৈ আলোচনা কৰে। আজিও চাৰিওটা স্থানতে আলোচনা চলিলে। আজিৰ সামৰণি তথা বঁটা বিতৰণী অনুষ্ঠান হোটেল তাজ ভিভান্টাত অনুষ্ঠিত হয়।

Share This