পুৱাই খালী পেটত নিমপাত খাওক, সুফল পাব

Jyoti Borah September 04, 2023

ডিজিটেল ডেস্কঃ নিমপাত খাবলৈ অতি তিতা হ’ব পাৰে, কিন্তু ইয়াৰ উপকাৰ বহুত৷ নিমপাত চোবাই বা পিহি পানীত গুলি খালে স্বাস্থ্যৰ ভালেখিনি উপকাৰ হয়৷ নিমপাতে তেজ পৰিষ্কাৰ কৰে৷ 

আনহাতে, নিম গছৰ পাত আৰু ছাল আয়ুৰ্বেদত বিভিন্ন ৰোগৰ ঔষধ প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয়৷ নিমপাতৰ কীটনাশক গুণ আছে৷ ইয়াৰ পাতে বেক্টেৰিয়া, ফাংগাছ, ইনফেকশ্যন আদিৰ পৰা ৰক্ষা কৰে৷ যিকোনোধৰণৰ ছালৰ ৰোগত নিমপাত পিহি ব্যৱহাৰ কৰিব পাৰি৷ নিমপাত এণ্টিঅি’ডেণ্ট৷ নিমপাতে প্ৰদাহ প্ৰতিৰোধ কৰে৷ ই মানুহক বিভিন্ন ধৰণৰ বেে“ৰিয়া, ভাইৰাছ আৰুফাংগাছৰ পৰা মানুহক ৰক্ষা কৰিব পাৰে৷ ইয়াৰ লগতে উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণতো সহায় কৰে৷ অৱশ্যে উচ্ছ ৰক্তচাপত ভোগা লোকে নিমপাত সেৱন কৰিবলৈ লোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে৷ ইয়াৰ লগতে পেটত থকা হানিকাৰক বেক্টেৰিয়াও নিমপাতে নাশ কৰিব পাৰে৷ গেষ্ট্ৰিকৰ সমস্যা সমাধান কৰাটো নিমপাতে সহায় কৰে আৰু পাচন প্ৰক্ৰিয়া শক্তিশালী কৰাত সহায় কৰে৷ 

ইফালে, নিয়মীয়াকৈ নিমপাত সেৱনে বহুমূত্ৰ ৰোগ নিয়ন্ত্ৰণতো সহায় কৰে৷ নিমপাত বিভিন্ন ধৰণৰ ছালৰ ৰোগত ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰি৷

Share This