ডিজিটেল ডেস্কঃচুপ হৈছে এবিধ গৰমে গৰমে সেৱন কৰা পানীয়, যি শাক-পাচলি, মাংস আদিৰে তৈয়াৰ কৰা হয়৷ যিহেতু চুপত বিভিন্ন ধৰণৰ শাক-পাচলি ব্যৱহাৰ কৰা হয়৷ সেয়েহে ইয়াত থকা ভিটামিন, কেলচিয়াম, খনিজ পদাৰ্থ আদিয়ে আমাৰ শৰীৰৰ বাবে লাগতিয়াল উপাদানৰ যোগান ধৰে৷ বিশেষকৈ ঠাণ্ডা বা বাৰিষা কালত চুপ খোৱাটো অতি লাভদায়ক৷ সেয়েহে জানো আহত বাৰিষা কালত কেনে ধৰণৰ চুপ খোৱা উচিত৷
[১] বাৰিষা কালত আপোনাৰ ইমিউনিটি ধৰি ৰখাত গাজৰ আৰু আদাৰে তৈয়াৰী চুপ উত্তম৷ আদাই বদহজম, গেছ আদি নিৰাময় কৰাৰ লগতে শৰীৰৰ ইনফ্লেমেশ্যনো কম কৰে৷
[২] ৰঙালাওৰ চুপত প্ৰচুৰ পৰিমাণে ভিটামিন-এ, ভিটামিন-চি, ভিটামিন-ই, আইৰন আৰু ফলেট পোৱা যায়৷ এই গোটেইকেইটা উপাদানে বাৰিষা কালত আপোনাৰ ইমিউনিটি ধৰি ৰখাত যথেষ্ট সহায় কৰে৷
[৩] বিলাহী আৰু জালুকেৰে তৈয়াৰী চুপত প্ৰচুৰ পৰিমাণে পটেচিয়াম, ভিটামিন-বি আৰু ভিটামিন-ই পোৱা যায়৷ যিয়ে শৰীৰৰ ইমিউনিটি বৃদ্ধি কৰি ৰোগ হোৱাৰ সম্ভাৱনা দূৰতে বিদূৰ কৰে৷
[৪] গাজৰ, বিন, বিলাহী আৰু মটৰেৰে তৈয়াৰী চুপ ডায়েবেটিছ ৰোগীৰ বাবে অতি উত্তম৷ এইবিধ চুপ ভিটামিন-চিৰ ভাল উৎস৷ যিয়ে ইমিউনিটি বৃদ্ধিত অৰিহণা যোগায়৷
[৫] তেঁতেলী, বিলাহী, জলকীয়া আৰু শাকেৰে প্ৰস্তুত কৰা চুপত ভিটামিন-বি আৰু কেলচিয়াম পোৱা যায়, যিয়ে শৰীৰটোক ডিটক্সিফাই কৰি ইমিউনিটি বৃদ্ধি কৰাত সহায় কৰে৷