অষ্টম দৰমহা আয়োগৰ অধিসূচনা

dainik janambhumi February 24, 2026

ডিজিটেল ডেস্ক: ৰাজ্যৰ প্ৰায় ৪.৫ লাখ কৰ্মচাৰীৰ বাবে সুখবৰ যে কেন্দ্ৰীয় চৰকাৰৰ পাছত দেশৰ ৰাজ্যসমূহৰ ভিতৰত অসমতে প্রথম অষ্টম দৰমহা আয়োগ গঠনৰ আনুষ্ঠানিক অধিসূচনা জাৰি হৈছে। 

যোৱা এক জানুৱাৰীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই 'নতুন দিনৰ আলাপ' অনুষ্ঠানত অৱসৰপ্ৰাপ্ত আই এছ বিষয়া সুভাষ চন্দ্ৰ দাসৰ অধ্যক্ষতাত অষ্টম দৰমহা আয়োগ গঠনৰ কথা ঘোষণা কৰিছিল। কিন্তু প্রায় ৫২ দিনৰ পাছত অৱশেষত বিত্ত বিভাগে কালিহে আনুষ্ঠানিকভাৱে অধিসূচনাৰ দ্বাৰা দৰমহা আয়োগ গঠন কৰে। ইয়াৰ লগে লগে ৰাজ্যিক কৰ্মচাৰীসকলে সংশোধিত দৰমহা লাভ কৰাৰ পথ প্রশস্ত হৈ পৰিব। আয়োগৰ ওচৰত কৰ্মচাৰী, শিক্ষক সংগঠনসমূহে প্রাপ্য দৰমহা, ভাত্তা বা অন্যান্য সা- সুবিধাৰ লগতে মৰ্যাদা লাভৰ বাবে আর্জি পেচ কৰিব পাৰিব। 

আয়োগৰ কাৰ্যকাল ১৮ মাহৰ ভিতৰত সংশোধিত দৰমহাৰ প্রতিবেদন দাখিল কৰিবলৈ আয়োগক বিত্ত বিভাগে সময়সীমা নির্ধাৰণ কৰি দিছে। কেনে চৰ্তাৱলীৰ ভিত্তিত ৰাজ্যৰ কৰ্মচাৰীসকলৰ নতুন দৰমহা নির্ধাৰণ কৰিব তাৰো নীতি-নির্দেশনা জাৰি কৰিছে। দৰমহা আয়োগৰ গঠনৰ আনুষ্ঠানিক অধিসূচনা জাৰি হোৱাৰ পাছত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকললৈ আশাৰা বতৰা আহিব ডেৰ বছৰৰ পাছত। 

অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া সুভাষ দাসৰ অধ্যক্ষতাত গঠন কৰা অষ্টম দৰমহা আয়োগৰ আন আন সদস্যসকল হ'ব ৰাজহুৱা আপত্তি বিভাগৰ জ্যেষ্ঠ সচিব, বিত্ত বিভাগৰ জ্যেষ্ঠ সচিব, ন্যায়িক কৰ্মচাৰী বিভাগৰ জ্যেষ্ঠ সচিব, প্রশাসনিক সংস্কাৰ, প্রশিক্ষণ, পেঞ্চন আৰু বিভাগৰ আয়ুক্ত আৰু বিশেষ সচিব, বিত্ত (বাজেট) বিভাগৰ বিশেষ সঞ্চালক বা বিভাগটোৰ পৰা মনোনীত জ্যেষ্ঠ সচিব আৰু বিশেষভাৱে আমন্ত্রিত সদস্য হিচাপে অষ্টম দৰমহা আয়োগত থাকিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰাতুল মহন্ত। বিত্ত (পি আৰ ইউ) বিভাগৰ সচিবগৰাকী আয়োগৰ সদস্য সচিব হ'ব। বিত্ত বিভাগে কালি দৰমহা আয়োগ গঠন কৰি জাৰি কৰা আনুষ্ঠানিক অধিসূচনাত উল্লেখ কৰা হৈছে এই আয়োগে দাখিল কৰিবলগীয়া প্রতিবেদনৰ পৰামৰ্শসমূহ অসম বিত্তীয় দায়বদ্ধতা আৰু বাজেট ব্যৱস্থাপনা আইন, ২০০৫ বিধি অনুসৰি হ'ব লাগিব। 

ৰাজ্যৰ বছৰেকীয়া বিত্তীয় অৱস্থাৰ প্ৰতিফলনৰ ওপৰত ভিত্তি কৰি আয়োগৰ প্ৰতিবেদনত পৰামৰ্শ থাকিব লাগিব। অতিৰিক্তি আৰু অচল পদসমূহ বিলুপ্তি কৰাৰ পদক্ষেপ ল'ব লাগিব। মানৱ সম্পদৰ অনুকূল ব্যৱহাৰৰ দিশটোও পর্যবেক্ষণ কৰিব দৰমহা আয়োগে। বিত্ত বিভগে অষ্টম দৰমহা আয়োগ গঠন কৰি দিয়া চৰ্তাৱলীৰ ভিতৰত আয়োগে চৰকাৰী কর্মচাৰীয়ে লাভ কৰা ভাত্তা আৰু সেৱাসমূহৰ পৰ্যালোচনা কৰিব। চৰকাৰী বন্ধ বছৰত কিমানটা হ'ব লাগে, তাৰ পৰামৰ্শও দিব দৰমহা আয়োগে। কৰ্মচাৰীয়ে লাভ কৰা দৈনিক ভাত্তা, পেঞ্চনাৰ তথা কৰ্মচাৰীৰ মৰগীয়া বানচৰ ফ্রেমৱক আয়োগে প্ৰস্তুত কৰিব। চৰকাৰী কৰ্মচাৰীৰ সমান্তৰাললৈ যাতে চুক্তিবদ্ধ আৰু বিভিন্ন আঁচনি, বহিঃসাহায্যপ্রাপ্ত প্রকল্পসমূহৰ অধীনত নিয়োজিত কৰ্মচাৰীসকলে পাৰিতোষিক সন্তোষজনকভাৱে লাভ কৰে তাৰ প্ৰতিও ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰিছে। 

বিত্ত বিভাগে জাৰি কৰা অধিসূচনা অনুসৰি তেনে কৰ্মচাৰীয়ে লাভ কৰা পাৰিতোষিকৰ গাঁথনি আৰু বার্ষিক বৃদ্ধিৰ ক্ষেত্ৰত নীতি গ্রহণ কৰিবলৈ আয়োগে পৰামৰ্শ দিব পাৰিব। কালি জাৰি কৰা অধিসূচনা অনুসৰি গঠন কৰা আয়োগে নিজাকৈ ৰাজ্যিক কৰ্মচাৰীৰ কল্যাণৰ বাবে পদ্ধতি উদ্ভাৱন কৰিব পাৰে তাৰবাবে প্ৰয়োজনীয় আৰু বিবেচিত উপদেষ্টা প্রতিষ্ঠানক পৰমাৰ্শদাতা হিচাপে বিশেষ নিযুক্তি দিব পাৰিব। 

নতুন তথা সংশোধিত দৰমহা নিৰ্ধাৰণৰ ক্ষেত্ৰত ৰাজ্যৰ সকলো বিভাগে আয়োগক পূর্ণ সহযোগিতা আগবঢ়াব লাগিব বুলিও অধিসূচনাত উল্লেখ কৰা হৈছে। ৰাজ্য চৰকাৰে যদি আয়োগৰ কাৰ্যকাল বৃদ্ধি নকৰে, তেন্তে ডেৰ বছৰৰ ভিতৰত আয়োগে সংশেধিত দৰমহাৰ প্ৰতিবেদন দাখিল কৰিব লাগিব।

Share This