ডিজিটেল ডেস্ক: তিনিদিনীয়া ভ্রমণসূচীৰে অসমত উপস্থিত হৈছেহি ভাৰতৰ পূর্ণাংগ নির্বাচন আয়োগ। মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ নেতৃত্বত কালি অসমত উপস্থিত হৈছেহি ৫ জনীয়া দলটো।
উল্লেখযোগ্য যে, আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত তিনিদিনীয়া কাৰ্যসূচীৰে কালি গুৱাহাটীত উপস্থিত হৈছে ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ নেতৃত্বত নির্বাচন আয়োগৰ এটা প্রতিনিধি দল।
বিয়লি লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰত উপস্থিত হোৱা নিৰ্বাচন আয়োগৰ প্ৰতিনিধি দলটোক ৰাজ্যিক মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে আদৰণি জনায়।
অসমত উপস্থিত হোৱা নিৰ্বাচন আয়োগৰ প্ৰতিনিধি দলটোৰ অন্যান্য বিষয়ববীয়াসকল হৈছে নির্বাচন আয়ুক্তদ্বয় ড° এছ এছ সান্ধু, ড° বিবেক যোশী, জ্যেষ্ঠ উপ-নির্বাচন আয়ুক্তদ্বয় মনীষ গাৰ্গ, ড° পৱন কুমাৰ শর্মা, সঞ্চালক প্রধান আশীষ গোৱেল, উপদেষ্টা এন এন বুটোলিয়া, সঞ্চালক বিদ্যাৰাণী কন্থৌজাম আদি। দেশৰ নিৰ্বাচন আয়োগৰ উচ্চ পদস্থ বিষয়াৰ দলটোৱে সমাগত অসম বিধানসভাৰ সাধাৰণ নির্বাচন সন্দৰ্ভত বিভিন্ন কার্যসূচী তথা বৈঠকত অংশগ্রহণ কৰিব।
১৭ ফেব্ৰুৱাৰীত মহানগৰীৰ হোটেল ৰেডিছন ব্লুত আয়োজন কৰা কাৰ্যসূচীত নির্বাচন আয়োগে ৰাজনৈতিক দলসমূহৰ প্রতিনিধিসকলৰ সৈতে আলোচনাত মিলিত হ'ব। উক্ত আলোচনাত স্বীকৃতিপ্রাপ্ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক দল আৰু ৰাজ্যিক পৰ্যায়ৰ ৰাজনৈতিক দলৰ প্রতিনিধিসকলে অংশগ্ৰহণ কৰিব। তদুপৰি আয়োগৰ বিষয়াসকলে ৰাজ্যৰ আৰক্ষী মহাপৰিদৰ্শক, মাণ্ডলিক আৰক্ষী উপ-মহাপৰিদৰ্শক, জিলা নির্বাচন বিষয়া তথা দণ্ডাধীশ আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলৰ সৈতে ভোটগ্ৰহণৰ প্রস্তুতি সন্দৰ্ভত এখন পর্যালোচনা সভাত অংশগ্রহণ কৰিব।
তেনেদৰে, ১৮ ফেব্ৰুৱাৰীত আয়োগৰ বিষয়াসকলে একেটা স্থানতে ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্রধানৰ লগতে এনফ'চমেন্ট এজেঞ্চিৰ (নিৰাপত্তা বাহিনীসমূহ) নোডেল তথা প্রধান বিষয়া, মুখ্য কাৰ্যবাহী বিষয়া, অসম আৰক্ষীৰ নোডেল অফিচাৰ, চি এ পি এফৰ নোডেল বিষয়া তথা সংশ্লিষ্ট বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হ'ব। ১৮ ফেব্ৰুৱাৰীৰ বিয়লিৰ ভাগত আয়োগৰ দলটোৱে এখন সংবাদমেল সম্বোধন কৰিব আৰু বুথ পৰ্যায়ৰ বিষয়াসকলৰ সৈতে মত বিনিময় কৰিব। লক্ষণীয় যে, দলটোৱে বিমানবন্দৰৰ পৰা পোনে পোনে হোটেল ৰেডিশ্যন ব্লুলৈ ৰাওনা হয়।