শিৱসাগৰৰ তিনিটা বিধানসভা সমষ্টিত কিমান শতাংশ ভোটদান?, ভোটদানৰ ১১ দিনৰ পাছতো তথ্য যোগান ধৰিব পৰা নাই নির্বাচনী বিষয়াৰ কাৰ্যালয়ে

dainik janambhumi April 21, 2026

ডিজিটেল ডেস্ক: তথ্য যোগান ধৰিব পৰা নাই শিৱসাগৰ জিলা নির্বাচনী বিষয়াৰ কাৰ্যালয়ে। উল্লেখযোগ্য যে অসম বিধানসভা নির্বাচন-২০২৬ৰ বাবে দেশৰ নিৰ্বাচন আয়োগে ৯ এপ্রিল, ২০২৬ত ৰাইজৰ ভোটাধিকাৰ গ্ৰহণ কৰিলে। 

সাংবিধানিক এই অধিকাৰক সাব্যস্ত কৰিবৰ বাবে ৰাজ্যখনৰ অন্যান্য জিলাৰ লগতে শিৱসাগৰ জিলাখনৰ সকলো স্তৰৰ লোক ওলাই আহি নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছিল। কিন্তু ভোটদানৰ পৰ্ব সমাপ্ত হোৱা আজি ১১টা দিন অতিক্রম কৰিলে যদিও শিৱসাগৰ জিলা নির্বাচন আয়োগে সঠিকভাৱে কিমান সংখ্যক ভোটাৰে একোটাকৈ সমষ্টিত ভোটদান সাব্যস্ত কৰিলে, এই তথ্য মিডিয়াক দিব পৰা নাই। 

উল্লেখযোগ্য যে শিৱসাগৰ নিৰ্বাচনী জিলাখনৰ তিনিটা বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হ'ল ৫,৭২,৩২১ গৰাকী। সমষ্টিভিত্তিত এই ভোটাৰৰ বিভাজন হৈছে ক্রমে ৯৫ নং ডিমৌ বিধানসভা সমষ্টিত ১,৭৮,৯৫৩ গৰাকী, ৯৬ নং শিৱসাগৰ বিধানসভা সমষ্টিত ২,১০,৪৮৪ গৰাকী আৰু ৯৭ নং নাজিৰা বিধানসভা সমষ্টিত হৈছে ১,৮২,৮৮৪ গৰাকী। শিৱসাগৰ জিলাখনৰ ৫,৭২,৩২১ গৰাকী ভোটাৰে তিনিটা বিধানসভা সমষ্টিৰপৰা তিনি গৰাকী প্ৰতিনিধিৰ পক্ষত জনাদেশ দিব। কিন্তু তিনিটা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিবৰ বাবে ১৯গৰাকী দলীয় আৰু নিৰ্দলীয় প্রার্থীয়ে জিলাখনৰ তিনিটা বিধানসভা সমষ্টিত প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। সমষ্টিভিত্তিত যদি উল্লেখ কৰা যায় তেন্তে ডিমৌ সমষ্টিৰপৰা কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থী অজয় কুমাৰ গগৈ, বিজেপি মিত্ৰদলৰ প্রার্থী সুশান্ত বৰগোহাঁই আৰু চি পি আইৰ প্ৰাৰ্থী অজয় বড়াই প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। শিৱসাগৰ বিধানসভা সমষ্টিত ৰাইজৰ দল তথা মিত্ৰজোঁটৰ প্রার্থী অখিল গগৈ, বিজেপিৰ কুশল দুৱৰী, এন ডি এ তথা অগপৰ প্ৰাৰ্থী প্রদীপ হাজৰিকা, আম আদমী পাৰ্টিৰ তপন গগৈ, নির্দলীয় ৰূপক ভূঞা, ভৱেন্দ্ৰ নাথ মহন, হেমন্ত বৰুৱা আৰু ৰাজকুমাৰ দুৱৰাই প্রতিদ্বন্দ্বিতাত নামিছে। 

ইফালে নাজিৰা সমষ্টিৰপৰা কংগ্ৰেছ মিত্ৰজোঁটৰ দেৱব্ৰত শইকীয়া, বিজেপিৰ ময়ূৰ বৰগোহাঁই, চি পি আইৰ কনক গগৈ, নির্দলীয় প্রার্থী পংকজ মহন্ত, দিলোৱাৰ হুছেইন, জয়ৰাম চৰাইমূৰীয়া, গোফ্ৰানুৰ ৰহমান আৰু দিলীপ চাহুৱে প্রতিদ্বন্দ্বিতা কৰিছে। উল্লেখ কৰাৰ প্রয়োজন যে এই তিনিটা বিধানসভা সমষ্টিত জিলা নির্বাচন আয়োগে নির্বাচন সুকলমে অনুষ্ঠিত কৰিবৰ বাবে ৭৪১ টা ভোটকেন্দ্ৰ স্থাপন কৰিছিল। ইয়াৰ ভিতৰত ডিমৌ বিধানসভা সমষ্টিত ২৩০ টা, শিৱসাগৰ সমষ্টিত ২৭৮ টা আৰু নাজিৰা সমষ্টিত স্থাপন কৰা হৈছিল ২৩৩ টা ভোট কেন্দ্র। 

নির্বাচন আয়োগে ইমানখিনি ব্যৱস্থাপনা কৰাৰ ফলত যোৱা ৯ এপ্ৰিলত সম্পন্ন হোৱা ভোটদানৰ প্ৰতি ২/৩ ঘণ্টাৰ অন্তৰে অন্তৰে কিমান শতাংশ ভোটদান সাব্যস্ত কৰিলে, ভোটাৰে ইয়াৰ তথ্য আয়োগৰ ৱে'বছাইটত দেখা পোৱা গৈছিল। সমান্তৰালভাৱে শিৱসাগৰ জিলা নির্বাচনী বিষয়াৰ কাৰ্যালয়ৰ পৰা লাভ কৰা এই তথ্য শিৱসাগৰ জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ে সংবাদ মাধ্যমক যোগান ধৰিবলৈ সক্ষম হৈছিল। সংবাদ মাধ্যমে নির্বাচনী বিষয়াৰ কাৰ্যালয়ৰ পৰা লাভ কৰা তথ্য অনুসৰি, ডিমৌ বিধানসভা সমষ্টিত ৮৩.৩০ শতাংশ, শিৱসাগৰত ৮২.৩৬ শতাংশ আৰু নাজিৰাত সৰ্বাধিক ৮৫.২২ শতাংশ ভোটদান সম্পন্ন হৈছিল। কিন্তু তাৎপর্যপূর্ণ ভাৱে নির্বাচন আয়োগে ইমানখিনি ব্যৱস্থাপনা কৰাৰ পাছতো কেৱল সমষ্টিসমূহত ভোটদানৰ শতাংশহে সংবাদ মাধ্যমক যোগান ধৰিব পাৰিছে। বাৰম্বাৰ নিৰ্বাচন আয়োগৰ পৰা জিলা তথ্য আৰু জনসংযোগ বিভাগৰ কাৰ্যালয়ৰ যোগেদি সংবাদকর্মীসকলে তথ্য বিচাৰি আছে যে শিৱসাগৰ জিলাখনৰ তিনিটা বিধানসভা সমষ্টি ক্রমে ডিমৌ, শিৱসাগৰ আৰু নাজিৰাৰ মুঠ ভোটাৰৰ ভিতৰত কিমানসংখ্যক ভোটাৰে ভোটদান সাব্যস্ত কৰিছিল। যিহেতু সমষ্টি ভিত্তিত জনসাধাৰণ, ৰাজনৈতিক বিশ্লেষকৰ বাবে এই তথ্যৰ প্ৰাসংগিকতা আছে। 

সমান্তৰালভাৱে সংবাদ মাধ্যমৰ বাবেও এই তথ্য অতি গুৰুত্বপূৰ্ণ। এই তথ্যৰ বিষয়ে জনসাধাৰণ জ্ঞাত হোৱাৰ প্ৰয়োজন যে এটা সমষ্টিৰ কিমান সংখ্যক ভোটাৰে ভোটদান সাব্যস্ত কৰিলে আৰু কিমান সংখ্যক ভোটাৰ ভোটদানৰ পৰা আঁতৰি থাকিল অথবা বঞ্চিত হ'ল। কিন্তু এই তথ্য বিচাৰি থকা হৈছে যদিও আজি ভোটদানৰ এঘাৰটা দিন অতিবাহিত কৰাৰ পাছতো শিৱসাগৰ জিলা নির্বাচনী বিষয়াৰ কাৰ্যালয়ে এই তথ্য সংবাদ মাধ্যমক যোগান ধৰিবলৈ সক্ষম হোৱা নাই। স্মর্তব্য যে ভোটদানৰ দিনা প্রতি ২/৩ ঘণ্টাৰ অন্তৰে অন্তৰে ভোটাৰৰ শতাংশ তৎক্ষণাত দিব পৰা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে জিলাখনত ৭৪১ টা ভোটকেন্দ্র স্থাপন কৰাৰ পাছতো আজি এঘাৰটা দিন অতিক্ৰম কৰাৰ অন্তত এই তথ্য যোগান ধৰিব নোৱাৰাটো এক পৰিতাপৰ বিষয়।

Share This