চামগুৰিৰ মহখুলিত নিৰ্বাচনী হিংসা; কংগ্ৰেছীৰ আক্ৰমণত মূৰ ফালিল দুই বিজেপিৰ সমৰ্থকৰ

Rashmi March 23, 2026

ডিজিটেল ডেস্ক: চামগুৰিৰ মহখুলিত নিৰ্বাচনী হিংসা। কংগ্ৰেছৰ নেতা-কৰ্মীৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন বিজেপিৰ সমৰ্থক।
কংগ্ৰেছী গুণ্ডা বাহিনীয়ে মূৰ ফালিলে বিজেপিৰ কৰ্মীৰ।

বিজেপিৰ প্ৰাৰ্থী অনিল শইকীয়া আৰু কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ মনোনয়ন দাখিলৰ ৰেলীত মুখামুখি নিৰ্বাচনী হিংসা।
গুৰুতৰভাৱে আহত বিজেপি কৰ্মী দুজন নগাঁও মেডিকেলত চিকিৎসাধীন হৈ আছে।

সমাজ বিৰোধী চক্ৰই কংগ্ৰেছত যোগদান কৰাৰ পিছতেই সংঘটিত হয় প্ৰথমটো নিৰ্বাচনী হিংসা। কালি সাংসদ ৰকিবুল হুছেইনৰ উপস্থিতিত কংগ্ৰেছত যোগদান কৰিছিল কেবাজনো দাগী অপৰাধীয়ে।

উপ নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী হিংসাত লিপ্ত থকাৰ মূল অভিযুক্ত মোক্তাৰে কালি যোগদান কৰিছিল কংগ্ৰেছত। তিনিটাকৈ নিৰ্বাচনী হিংসাত জড়িত থকাৰ গোচৰত অভিযুক্ত মোক্তাৰ।





প্ৰাগ নিউজ ডিজিটেল

Share This