বান আর্তজনক সহায় কৰিবলৈ কৰ্মচাৰীলৈ আহ্বান

dainik janambhumi July 22, 2026

ডিজিটেল ডেস্ক : বানপানীয়ে তাণ্ডৱ লীলা চলাই বহুতো পশুধন, খেতিবাতি, ঘৰ-দুৱাৰ আৰু মানুহৰ জীৱন আৰু সম্পত্তি ধ্বংস কৰাত উদ্বেগ প্রকাশ কৰি সদৌ অসম কৰ্মচাৰী পৰিষদে আৰ্তজনক সহায় আগবঢ়াবলৈ
আহ্বান জনাইছে। কৰ্মচাৰী পৰিষদৰ সভাপতি দ্বীপেন শর্মা আৰু প্রধান সম্পাদক পংকজ বৰ্মনে বিবৃতিত পৰিষদৰ প্ৰতিজন সদস্য বিষয়ববীয়া বিশেষকৈ প্রতিখন জিলা আৰু আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সমূহ বিষয়ববীয়া, সদস্যক আর্তজনলৈ সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে। 

সকলো সময়তে বানাক্রান্তক সাহায্য প্ৰদান কৰাৰ ক্ষেত্ৰত জিলা প্রশাসনকো সহযোগিতা আগবঢ়োৱাৰ বাবে আহ্বান জনাইছে। মানুহৰ জীৱন আৰু সম্পত্তি যাতে কোনোধৰণে হানি-বিঘিনি নঘটে, তাৰবাবে সদা জাগ্ৰত প্ৰহৰী হিচাপে নিয়োজিত হৈ এই দুর্যোগপূর্ণ মুহূৰ্তত সকলোকে আর্থিক আৰু মানসিক সহায় কৰাৰ লগতে সকলোধৰণে সহায়-সহযোগিতা কৰাৰ বাবে কৰ্মচাৰী পৰিষদৰ সকলো সতীর্থকে আহ্বান জনাইছে। এই ক্ষেত্রত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক পৰ্যাপ্ত পৰিমাণে সাহায্য প্রদান কৰাৰ বাবে দাবী জনায়। 

খোৱাপানী, ঔষধ, খাদ্য সামগ্রী, কাপোৰ, স্বাস্থ্যসন্মত পৰিৱেশ, শিশুৰ খাদ্য, থকা ঠাইৰ ব্যৱস্থা কৰি ক্ষতিগ্রস্তক ক্ষতিপূৰণ, কঠীয়া আদিৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰাৰ বাবে অসম চৰকাৰক আহ্বান জনাইছে সদৌ অসম কৰ্মচাৰী পৰিষদে। লগতে খহনীয়া আৰু বানপানীৰ স্থায়ী সমাধান নিশ্চিত কৰি প্ৰতিবছৰে সাধাৰণ মানুহৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰাৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি আৰু সম্পাদকপ্রধানে।

Share This